শীৰ্ষ বাতৰি

চলিত চৰকাৰে বিভিন্ন দিশত লৈছে শক্তিশালী ভূমিকাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কয় যে চলিত চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি কয় যে,কংগ্ৰেছৰ অবিহনে বিগত তিনি দশকত সংখ্যা গৰিষ্ঠ চৰকাৰ আছিল ৷২০১৪ চনৰ পাঁচ বছৰৰ ভিতৰত ভাৰতত কেৱল বিশ্ব সকলোতকৈ বৃহৎ অৰ্থ ব্যৱস্থা হোৱাই নহয়,আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰ খনতো আয় বৃদ্ধি পাইছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাত ভাষণ প্ৰশংগত কয় যে কেৱল মোডী বা সুষমা স্বৰাজ এই সাফল্যৰ কাৰণে ধন্যবাদৰ যোগ্য নহয় ৷এই সাফল্যৰ ধন্যবাদৰ অন্যতম অংশীদাৰ হৈছে ১২৫ কোটি ভাৰতীয়। যিয়ে সংখ্যা গৰিষ্ঠতাৰ চৰকাৰ আনিছিল ।

তিনি বছৰৰ পিছত পূৰ্ণ সংখ্যা গৰিষ্ঠতাৰ চৰকাৰ আহিল৷ আৰু স্বাধীনতাৰ পিছত এইয়া আছিল কংগ্ৰেছ বিহীন সংখ্যা গৰিষ্ঠতাৰ চৰকাৰ ৷লগতে মোডীয়ে কয় যে কংগ্ৰেছৰ অবিহনে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ আছিল প্ৰথমখন চৰকাৰ ৷ ইফালে মহিলা সাংসদৰ সংখ্যাৰ ওপৰত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে মোডী চৰকাৰৰ দিনত সংসদৰ পাঁচ বছৰৰ কাৰ্যকালত ৪৪ গৰকী মহিলা সাংসদক স্মৰণ কৰা হ’ব ৷ মন্ত্ৰী মণ্ডলত মহিলা মন্ত্ৰীৰ সংখ্যা বৃদ্ধি ,সুৰক্ষাৰ ক্ষেত্ৰত কেবিনেটত দুগৰাকী মহিলা মন্ত্ৰী আছিল ৷লোকসভাৰ অধ্যক্ষৰ লগতে মহাসচিবৰ পদত মহিলা নিযুক্তি হৈ থকাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অন্যহাতে চলিত চৰকাৰখনৰ দিনত ভাৰতৰ আৰ্থিক অৱস্থা বৃদ্ধি হোৱাৰ প্ৰসংগত মোডীয়ে কয় যে এই সময়তে ভাৰত বিশ্বৰ সকলোতকৈ বৃহৎ অৰ্থ ব্যৱস্থাৰ দিশত অধিক আগুৱাই গৈছে ৷ইয়াৰ কাৰণে ধন্যবাদৰ যোগ্য সংসদত গ্ৰহণ কৰা নীতি সমূহ ৷ সম্প্ৰতি ভাৰতে ডিজিটেল ক্ষেত্ৰ খনত নিজৰ স্থান দখল কৰিছে ৷ যেতিয়া বিশ্বই গ্ল’বেল ৱাৰ্মিঙৰ প্ৰসংগত আলোচনা কৰি আছে তেতিয়া এইখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব বহন কৰিছে ৷যিয়ে অনাগত দিনত সহায় কৰিব ৷ ভাৰতত সম্প্ৰতি আৰ্থিক বিকাশ হৈছে ৷ ইয়াৰ কাৰণে ধন্যবাদৰ যোগ্য মোডী অথবা সুষমা স্বৰাজ নহয় ৷ ধন্যবাদৰ যোগ্য কেৱল আমাৰ লগত থকা সংখ্যা গৰিষ্ঠতাৰ চৰকাৰখন ৷বিশ্বই সংখ্যাগৰিষ্ঠতাৰ চৰকাৰক চিনি পায় ৷

যেতিয়া এজন প্ৰধানমন্ত্ৰী গ্ল’বেল এজন নেতাৰ লগত সাক্ষাৎ হয় তেতিয়া সেই নেতাজনে জানে যে প্ৰধানমন্ত্ৰী জনৰ লগত জনাদেশ আছে ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে চলিত লোকসভাত দুৰ্নীতি আৰু ক’লা ধনৰ কাৰণে অনা আইনৰ কাৰণে যথেষ্ট গৰ্বিত অনুভৱ কৰিব ৷ লোকসভাত জিএছটিক গৃহীত কৰা, ক’লা ধন,দুৰ্নীতিৰ বিৰুদ্ধে আইন গৃহীত কৰা,আদি বিভিন্ন প্ৰসংগৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি