শীৰ্ষ বাতৰি

ডঃ দেৱভূষণ বৰালৈ মুনীন বৰকটকী সাহিত্য বঁটা ২০১৮

Sentinel Digital Desk

বিশিষ্ট সাহিত্যিক, সমালোচক তথা সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকললৈ প্ৰতি বছৰে প্ৰদান কৰি অহা মুনীন বৰকটকী সাহিত্য বঁটা ২০১৮ ঘোষণা কৰা হৈছে।

এইবাৰ এই বঁটা লাভ কৰিছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ সমালোচক ডঃ দেৱভূষণ বৰাই । তেওঁৰ নিৰ্বচন (বান্ধৱ, ২০১৭) শীৰ্ষক সাহিত্য সমালোচনাৰ সংকলনটোৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ।

১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ পঞ্চাছ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ। গুৱাহাটীত অহা বছৰৰ ফেব্ৰুৱাৰী মাহত মুনীন বৰকটকী সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰাই ছাত্ৰ অৱস্থাতে 'প্ৰান্তিক' ৰ পাতত প্ৰবন্ধকাৰ হিচাপে আত্মপ্ৰকাশ কৰি পাছলৈ সাহিত্য-সমালোচনাত বিশেষভাৱে মনোনিবেশ কৰে ।

প্ৰকাশ, সাতসৰী, গৰীয়সী, আলাপ আদি প্ৰায় সকলো আগশাৰীৰ অসমীয়া আলোচনীৰ লেখক বৰা সম্প্ৰতি মাজুলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত ।