শীৰ্ষ বাতৰি

ঢাকাৰ বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ২৫ জনৰ মৃত্যু

Sentinel Digital Desk

বৃহস্পতি বাৰে বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ ২২ মহলীয়া এফ আৰ টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে ।

ঢাকাৰ বানানী অঞ্চলত এই বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত প্ৰায় ২৫ জন লোক মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হৈছে । অগ্নিকাণ্ডত কাৰনৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

অগ্নি নিৰ্বাপন আৰু অসামৰিক বাহিনীৰ ডিৰেক্টৰ জুলফিকাৰ ৰহমানে প্ৰকাশ কৰে যে অট্টালিকাটো জুই বাহিৰলৈ ওলাই আহিব পৰা কোনো সুবিধা নাই । যদি সুবিধা থাকিল হয় তেতিয়া লোকসকল নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হল হয় । লগতে জুই নিৰ্বাপিত কৰা ব্যবস্থাও কাৰ্যক্ষম নহয় বুলি প্ৰকাশ কৰে । অট্টালিকাটোত মাত্ৰ ২ প্ৰবেশদ্বাৰ আছে বুলি প্ৰকাশ কৰে।

ঢাকাৰ উন্নয়ন কতৃপক্ষয়ে প্ৰকাশ কৰে যে কেনেকৈ অট্টালিকাটোৰ মালিকে ১৮ মহলা যুক্ত অট্টালিকাৰ অনুমোদনত ২২ মহলীয়া অট্টালিকা নিৰ্মান কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

পাব্লিক ওৱৰ্কচ আৰু হাউচিং মন্ত্ৰী ৰেজাউল কৰিমে প্ৰকাশ কৰে যে এয়া কোনো দুৰ্ঘটনা নহয়, এয়া এক হত্যাকাণ্ড । ইয়াৰ বিৰূদ্ধে ন্যায়িক ব্যবস্থা গ্ৰহণ কৰা হব।

হেলিকপ্টাৰ সহ ২২ খন অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ীৰ লগতে আৰক্ষী আৰু সেনা বাহিনীৰ সহযোগত অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ফেব্ৰুৱাৰীৰ শেষত ঢাকাত আন এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । এই অগ্নিকাণ্ডত প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি