তিনিচুকীয়াত জীৱিত অৱস্থাত এটি কন্যা সন্তান উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । তিনিচুকীয়াৰ চলিহা নগৰৰ খ্ৰীষ্টান মিছনেৰী পথৰ কাষতে উদ্ধাৰ কৰা হয় এই কণমানি নবজাতক কন্যা সন্তানটিক । কোনোবা হৃদয়হীন ব্যক্তিয়ে বেগত ভৰাই পথৰ দাঁতিত পেলাই থৈ যায় এই দেৱশিশুটিক । পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত এগৰাকী পথাচাৰী মহিলাই কন্যা সন্তান টি প্ৰত্যক্ষ কৰে।পাছত অঞ্চলটোৰ ৰাইজে দেৱ শিশুটিক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱাই ।চিকিৎসকে সন্তান জনীক নিৰীক্ষণ কৰি এক মাহৰ বুলি জানিবলৈ দিছে। বৰ্তমান তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে কন্যা সন্তানটিক। বৰ্তমানলৈকে শিশুটিৰ পিতৃ মাতৃৰ সন্ধান পোৱা হোৱা নাই ।