শীৰ্ষ বাতৰি

তৃতীয় পৰ্যায়ৰ ভোটদানৰ কাৰণে প্ৰস্তুতি তুংগত

Sentinel Digital Desk

আজি অসমত হোৱা চাৰিটা সংসদীয় সমষ্টিৰ তৃতীয় পৰ্যায়ৰ ভোটদানত গুৱাহাটী (Guwahati) সমষ্টিত ১৭ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৷ ইফালে ইভিএম আৰু ভিভিপিএটি যন্ত্ৰ সমূহ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অৰ্পন কৰা হয় নিৰ্বাচনৰ বিষয়াসকলক ৷তেওঁলোকে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ ইতিমধ্যে ৰাওনা হৈছে।

কামৰূপ মেট্ৰ’ত প্ৰায় ৫৩০০ জন কৰ্মীক নিযুক্ত কৰা হৈছে ৷ ইয়াৰ উপৰিও প্ৰত্যেক চাৰ্কোল কাৰ্যালয়ত এক ইভিএম বিশেষজ্ঞ দল থাকিব ৷ জালুকবাৰী নিৰ্বাচন ক্ষেত্ৰত প্ৰায় ২৪৩ টা ভোটদান কেন্দ্ৰ আছে ৷ জালুকবাৰীত থকা পুৰুষৰ ভোটাৰ হৈছে ৯৬,৮৫৩মহিলা ভোটাৰ হৈছে ৯৭,৮০৯ গৰাকী,তৃতীয় লিংগৰ ভোটদাতা হৈছে ৯ জন।

দিছপুৰ নিৰ্বাচন ক্ষেত্ৰত প্ৰায় ৪০৪ টা ভোটদান কেন্দ্ৰ আছে ৷ য’ত ১৯,৩৯,১২ পুৰুষ,মহিলা ভোটাৰৰ সংখ্যা ১৯,১৭৩৪ আৰু তৃতীয় লিংগৰ সংখ্যা ১০ ৷ পূব গুৱাহাটীৰ নিৰ্বাচন ক্ষেত্ৰৰ প্ৰায় ২৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ য’ত ১১,৩৭,০০ পুৰুষ ৷ মহিলাৰ সংখ্যা হৈছে ১১,৩৯৫৪ ৷ আৰু তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা হৈছে ১৪ ৷

পশ্চিম গুৱাহাটী নিৰ্বাচন ক্ষেত্ৰত প্ৰায় ৩০৪ টা ভোটদান কেন্দ্ৰ আছে ৷ য’ত পুৰষ ভোটাৰৰ সংখ্যা হৈছে ১৩,৮৯,২০ জন ৷ মহিলাৰ সংখ্যা হৈছে ১৩,৯২৯৬ গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৭ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি