শীৰ্ষ বাতৰি

তেজপুৰত আত্মহত্যা চিআৰপিএফ জোৱানৰ

Sentinel Digital Desk

তেজপুৰৰ জয়মতী পথাৰস্থিত চিআৰপিএফ কেম্পত আজি পুৱা সংঘটিত হয় এক এই মৰ্মান্তিক ঘটনা ৷পুৱা ৪.৪৫ বজাত নিজৰ ইনচাৰ্জ ৰাইফলৰে মূৰত গুলীয়াই আত্মহত্যা কৰে এজন চিআৰপিএফ জোৱানে । দিগম্বৰ মাধৱ নামৰ মৃত জোৱানজনৰ ঘৰ মুম্বাইত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দিগম্বৰ মাধৱৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।কি কাৰনত জোৱান জনে আত্মহত্যাৰ পথ বাচি ললে এতিয়ালৈ জানিব পৰা হোৱা নাই ।