শীৰ্ষ বাতৰি

তেজপুৰৰ চাৰিদুৱাৰত তিনি গভাইত চোৰ আটক

Sentinel Digital Desk

শোণিতপুৰ জিলাৰ বালিপৰা চাৰিদুৱাৰ অঞ্চলত দিনক দিনে চোৰৰ দৌৰাত্ম উদ্বেগজনক ভাৱে বৃদ্ধি পাই থকাৰ সময়তে বুধবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই ৩ টাকৈ গভাইট চোৰক আটক কৰাৰ লগতে চুৰি ৩ টাকৈ চৰকাৰী জেনেৰেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিগত বহু দিন ধৰি অঞ্চলটোত ক্ৰামান্বয়ে বৃদ্ধি পাই আহিছিল চোৰৰ উপদ্ৰৱ। উল্লেখ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ এনআৰচি সেৱা কেন্দ্ৰৰ পৰা ৪ দিন পূৰ্ৱে চুৰ হৈছিল ৪ টাকৈ জেনেৰেটৰ এই সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা এক অভিযান চলাই ৩ টাকৈ জেনেৰেটৰ উদ্ধাৰ কৰাৰ লগতে ৩ টাকৈ গভাইট চোৰক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰ কেইটা ক্ৰমে গুনকান্ত মেচ,বাপন শৰ্মা আৰু বিজেন দাস ওৰফে ৰিফিল।এই ধৃত চোৰকেইটাই অন্য দুজন(পলাতক) জেনেৰেটৰ চোৰ কৰাৰ কথা স্বীকাৰ কৰিছে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আন দুটা গভাইট চোৰৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে।উল্লেখ্য যে অঞ্চলটোৰ বহুকেইটা চুৰি কাণ্ডত এই ধৃত চুৰকেইটা জড়িত থকাৰ কথাও আৰক্ষীয়ে জানিবলৈ দিছে।