শীৰ্ষ বাতৰি

দক্ষিণ কোৰিয়াৰ ছিউলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

দেশ বিদেশ ভ্ৰমণ কৰি সততে চৰ্চাৰ শীৰ্ষত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাওনা হ’ল দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউললৈ ৷ ছিউলত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও গুৰুত্ব পূৰ্ণ কাৰ্যসূচীত অংশ লয় ৷ ছিউলৰ অ’নছেই বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৷লগতে মোডীয়ে মন্তব্য কৰে মহাত্মা গান্ধীৰ জীৱনৰ আদৰ্শ তথা মানৱতাই সন্ত্ৰাসবাদৰ দৰে বৃহৎ প্ৰত্যাহ্বান নিপাত যোৱাত সহায় কৰিব ৷সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ৰ বৃহৎ প্ৰত্যাহ্বান ৷

সম্প্ৰতি এই দুই প্ৰত্যাহ্বানৰ লগত মানৱ জাতিয়ে মোকামিলা কৰি আছে ৷যদি আমি মহাত্মা গান্ধীৰ জীৱনৰ আদৰ্শ লওঁ,তেন্তে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ ৷ মহাত্মা গান্ধীয়ে কৈছিল যে,সৰ্বশক্তিমান আৰু ভৰপূৰ প্ৰকৃতিয়ে মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে সকলো দিছে ৷কিন্তু লোভ দিয়া নাই ৷ সন্ত্ৰাসবাদী সংগঠনসমূহৰ গতিবিধিলৈ লক্ষ্য কৰি প্ৰধান মন্ত্ৰী মোডীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে মহাত্মা গান্ধীৰ একতা,মানবীয় মূল্যবোধ আৰু অহিংসাৰ ওপৰত মনোনিবেশ কৰিবলৈ কয় ৷মহাত্মা গান্ধীৰ জীৱন কালত জলবায়ু পৰিৱৰ্তন আৰু পৰ্যাৱৰণৰ ওপৰত কোনো ধৰণৰ চৰ্চা ন’হল ৷ কিন্তু মহান জাতীয় পুৰুষজনে দেখুৱাইছিল যে প্ৰকৃতিৰ লগত সদ্ভাৱ কেনেকৈ ৰাখিব লাগে ৷

মহাত্মা গান্ধীয়ে দেখুৱাইছিল যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুস্বাস্থ্যকৰ পৰিবেশৰ বাতাবৰণ এৰি থৈ গৈছে ৷প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে,মহাত্মা গান্ধীয়ে মানৱ জাতিলৈ মানৱতাৰ উপহাৰ দি থৈ গৈছে ৷ ইফালে, এই সময়তে মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী আয়োজন কৰিছে ৷ উল্লেখ্য যে, এই অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইন আৰু প্ৰথম মহিলা কিম জুংগচুক উপস্থিত আছিল ৷ লগতে প্ৰধান মন্ত্ৰী মোডীয়ে দক্ষিণ কোৰিয়াত ছিউল শান্তি পুৰস্কাৰ গ্ৰহণ কৰে ৷ইফালে বৃহস্পতি বাৰে নৰেন্দ্ৰ মোডীয়ে ভাৰত আৰু কোৰিয়া ব্যৱসায়িক সভা এখনটো ভাষণ প্ৰদান কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি