শীৰ্ষ বাতৰি

দেশৰ প্ৰথম গৰাকী লোকপাল হিচাপে নিযুক্ত ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ

Sentinel Digital Desk

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক প্ৰথম ভাৰতৰ লোকপাল হিচাপে নিযুক্ত দিয়া হৈছে । লোকসভাৰ ন্যায়িক সদস্য ন্যায়াধীশ দিলিপ বি ভোশলে, প্ৰদীপ কুমাৰ মহান্তী, অভিলাসা কুমাৰী আৰু অজয় কুমাৰ ত্ৰিপাথিৰ বিচাৰপীঠৰ মুখ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব প্ৰাক্তন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষে। দীনেশ কুমাৰ, অৰ্চনা ৰামাসুন্দৰম,মহেন্দ্ৰ সিং আৰু ডাঃ আই পি গৌতমকো সমিতিৰ সদস্য ৰূপে নিযুক্তি দিয়া হয়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰথম গৰাকী লোকপাল হিচাপে নিযুক্ত দিলে পি চি ঘোষক । ২০১৭ চনত উচ্চতম ন্যায়ালয়ৰ পৰা অবসৰ কৰা ৬৬ বছৰীয়া পিনাকী চন্দ্ৰ ঘোষ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰ্বাচন কমিটিৰ বৈঠকত লোকপাল আৰু সমিতিৰ ৮ সদস্যৰ নাম নিৰ্বাচিত কৰা হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি