শীৰ্ষ বাতৰি

দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণ: ৩১ জনৰ মৃত্যু, বিস্তাৰ ক্ষতি

Sentinel Digital Desk

দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণ । মংগলবাৰে হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণত তিনি খন ৰাজ্যত ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো সম্পতি আৰু শষ্য ধ্বংস হয় ।

মধ্য প্ৰদেশত ১৬ জন লোক মৃত্যু হোৱাৰ লগতে ৰাজস্থানত ৬ জন লোক মৃত্যু হয় আৰু গুজৰাটত ৯ জন লোকৰ মৃত্যু হয় । মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ পুঁজিৰ পৰা ২ লাখ টকা সাহাৰ্য্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মধ্য প্ৰদেশ, ৰাজস্থানত বিধ্বংসী ধুমুহা বৰষুণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে । ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ সাম্ভাব্য সকলো সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে ব্যবস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰ্যাবেক্ষক কৰি থকা হৈছে বুলি টুইটাৰযোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মংগলবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পূবৰ বিভিন্ন ৰাজ্যত ধুমুহাই ক্ষতি কৰে । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মংগলবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষতি কৰে। নগাঁৱৰ ৰাঙলুত ধুমুহা বৰষুণে বিস্তাৰ ক্ষতি কৰে । তিনি গৰাকীলোক আহত হৈছে । লগতে নিশা প্ৰচণ্ড ধুমুহাত কামপুৰ, কচুৱা, হাওৰাঘাট, বকলিয়াঘাট, গোৱালপাৰাৰ দুধনৈ, ৰংজুলি, কঠিয়াতলীকে বিভিন্ন প্ৰান্তৰ ক্ষতিগ্ৰস্ত হয় । লগতে বহুতো বিহু মঞ্চও ধুমুহাই উৰুৱাই নিয়ে । নিশা মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা–বৰষুণ। ধুমুহাই ভাঙি তচনচ কৰিলে লতাশিল, চানমাৰি, মালিগাঁওৰ লগতে বহুতো বিহুৰ মঞ্চ-পেণ্ডেল।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি