যোৱা কালিৰে পৰা হোৱা প্ৰবল মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ বঢ়মপুৰৰ নোৱানৈৰ মথাউৰি এটা অংশ আজি পুৱা চিঙি যোৱাৰ ফলত কেইবাখনো গাঁও প্লাৱিত হয় । ভূটানত হোৱা প্ৰবল বৰষুণৰ ফলতেই জলপৃষ্ঠ বৃদ্ধি হৈ বাঢ়নী পানীৰ প্ৰবাল সোঁতে ছিঙিলে বঢ়মপুৰ নোৱানৈৰ দহ মিটাৰ এই মথাউৰি অংশ।এতিয়া বঢ়মপুৰৰ প্ৰায় দহখন ৰাজহ গাওঁ পানীৰ তলত।বাঢ়নী পানীয়ে পাছলৈ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই পয্যন্ত খবৰ নাই স্থানীয় প্ৰতিনিধিৰ।