শীৰ্ষ বাতৰি

নগাঁৱৰ জাজৰিত পিষ্টলসহ যুৱকক আটক

Sentinel Digital Desk

নগাঁৱৰ জাজৰি আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় পিষ্টলসহ এজন যুৱক।চিনাক্ত কৰা অনুসৰি যুৱক জন হৈছে গুণীন শৰ্মা । এক গোপন সূত্ৰৰ পৰা খবৰ পোৱা জাজৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ ভড়ালীৰ নেতৃ্ত্বত যোৱা আৰক্ষীৰ এটা দলে কিছু সময় পূৰ্বে মাজ জাজৰি অঞ্চলৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলসহ আটক কৰে যুৱকজনক। আৰক্ষীয়ে যুৱকজনৰ পৰা চোকা অস্ত্ৰসহ উদ্ধাৰ কৰিছে। জানিব পৰা মতে,ধৃত গুণীন শৰ্মা মাজ-জাজৰি নিবাসী তুলসী শৰ্মাৰ পুত্ৰ । গুণীন পূৰ্বতেও বিভিন্ন অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত আছিল। বৰ্তমান আৰক্ষীয়ে ধৃত অপৰাধীটোৰ ওপৰত জাজৰি আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ।