শীৰ্ষ বাতৰি

নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আঠদফীয়া দাবী পত্ৰ প্ৰদান নেছ'ৰ

Sentinel Digital Desk

বাংলাদেশীৰ চৰণীয়া পথাৰলৈ পৰিণত হোৱা অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত খিলঞ্জীয়াৰ ৰক্ষাকৱচ স্বৰূপ এনআৰচি ৰূপায়ন আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) বাতিল কৰাৰ দাবীৰ লগতে আঠদফীয়া দাবী পত্ৰৰে (NORTH EAST STUDENT ORGANIZATION) নেছ'ই বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰণ ৰিজিজুক নতুন দিল্লীত সুকীয়াকৈ লগ কৰি দাবী পত্ৰ প্ৰদান কৰে ।

সঁজাতি দলৰ লগত যোৱা নেছ' তথা সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰভাৱে পদক্ষেপ গ্ৰহণ কৰি ভাৰত বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে অবৈধ বিদেশী নাগৰিকৰ প্ৰবজনৰ কবলৰ পৰা উত্তৰপূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰিবলৈ দাবী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। উল্লেখ্য যে ১৫ জনীয়া সঁজাতি দলটোত উত্তৰ পূৱৰ আঠটা ছাত্র সংগঠনে অংশগ্ৰহণ কৰে ।