শীৰ্ষ বাতৰি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বিৰোধিতা অসম সাহিত্য সভা আৰু জাতি জনগোষ্ঠীয় সাহিত্য সভাৰ

Sentinel Digital Desk

সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জনসাধাৰণ তথা দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধেয়ক খনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভা আৰু অসমৰ জাতি জনগোষ্ঠীয় সাহিত্য সভাই ৷ শনিবাৰে দীঘলীপুখুৰীত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিবাদ কৰে অসম সাহিত্য সভা আৰু জাতি জনগোষ্ঠীয় সাহিত্য সভাৰ কৰ্তৃপক্ষই ৷ লগতে দুয়োখন সাহিত্য সভাৰ কৰ্তৃপক্ষই বিধেয়কখন কোনো কাৰণতে গ্ৰহণ নকৰে বুলি মন্তব্য কৰে আৰু বিধেয়কখনৰ সন্দৰ্ভত হৈ থকা বিতৰ্কসমূহ স্তব্ধ কৰিবলৈ কয় ৷ বিধেয়কখনে ৰাজ্যৰ বাসিন্দাসকল লগতে ধৰ্ম নিৰপেক্ষতা কাৰণে যুগে যুগে বৰ্তি থকা একতা আৰু সাম্প্ৰদায়িক সদ্ভাৱত বিসংগতি অনাৰ প্ৰসংগৰ কথাও উল্লেখ কৰে ৷

সাহিত্য সভাৰ প্ৰতিনিধিসকলে কয় যে এবাৰ যদি বিধেয়কখন গৃহীত হয় তেন্তে অসম দ্বিতীয় ত্ৰিপুৰালৈ পৰিণত হ’ব ৷ ইফালে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে মুখীমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিতৰ্কিত বিধেয়ক খন সমৰ্থন নকৰিবলৈ আবেদন কৰি কয় যে ৰাজ্য খনৰ সকলোৱে এই বিধেয়কখন বিৰোধিতা কৰিছে ৷ যদি মুখ্যমন্ত্ৰী সোনোৱালে এই কথা মানি নলয় তেন্তে অসম সাহিত্য সভাই চৰকাৰৰ লগত ভৱিষ্যতে সহযোগীতা নকৰিব ৷ অন্যহাতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই বিতৰ্কিত বিধেয়ক খনৰ সন্দৰ্ভত অসম সাহিত্য সভাই লোৱা স্থিতিক আদৰনি জনাই কয় যে চৰকাৰে সম্প্ৰতি বুজি পাব লাগে যে স্বদেশী লোকসকলে প্ৰকৃততে কি বিচাৰে ৷

ইফালে বিয়লি দুয়ো খন সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগতে অগপৰ নেতা কেশৱ মহন্ত, খিলঞ্জীয়া মঞ্চ নেতা,এআই ইউডিএফ আৰু বামপন্থী নেতাসকলৰ উপস্থিতিত হোৱা বৈঠকত ৰাজধানী দিল্লীটো বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰে ৷উল্লেখ্য যে, জাতি জনগোষ্ঠীয় সাহিত্য সভা হৈছে বড়ো সাহিত্য সভা,বিষ্ণুপুৰীয়া মণিপুৰী সাহিত্য সভা,গাৰো সাহিত্য সভা,মিচিং সাহিত্য সভা,দেউৰী সাহিত্য সভা,ৰাভা সাহিত্য সভা,কাৰ্বি সাহিত্য সভা,তিৱা সাহিত্য সভাৰ এখন বিশাল মঞ্চ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি