নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে অসমৰ বিৰোধী বিধায়কসকলৰ এক বিশেষ প্ৰতিক্ৰিয়া ৷ বিধেয়কখনৰ জৰিয়তে বংগালী আৰু মুছলিম লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাবলৈ চেষ্টা কৰা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাই। বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত এই প্ৰসংগ উত্থাপন হয়৷বিধানসভাৰ শূন্যকালৰ সময়ত এই প্ৰসংগ উত্থাপন কৰিলে এই আই ইউডি এফৰ বিধায়ক আমিনূল ইছলামে ৷
সদনত আমিনূল ইছলামে মন্তব্য কৰে যে ধিং অঞ্চলৰ নিৰ্বাচন ক্ষেত্ৰত গতানুগতিক ভাৱে কিছুমান ঘটনা সংঘটিত হৈ আছে,যি সমূহে অসমীয়া আৰু মুছলিম অঞ্চলৰ লোকৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পাৰে ৷লগতে আমিনূল ইছলামে কয় যে, কিছুসংখ্যক নিহিত স্বাৰ্থ জৰিত হৈ থকা ব্যক্তিয়ে মুছলিম সমুদায় লোকৰ মাজত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে ৷ এই সন্দৰ্ভত আমিনূল ইছলামে কয় যে মোৰ নিৰ্বাচন ক্ষেত্ৰত কিছুমান সংখ্যালঘূ সংঘৰ্ষ ঘটনা ঘটিছে ৷ যদি ৰাজ্য চৰকাৰে সময় মতে উচিত ব্যৱস্থা নলয় ৷তেতিয়া এই ঘটনায়ে সাম্প্ৰদায়িক সংঘৰ্ষলৈ পৰিৱৰ্তন হ’ব পাৰে ৷
দ্বিতীয়তে,উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৯ ৰ সন্দৰ্ভত চলি থকা আন্দোলনৰ প্ৰসংগত কয় যে নিহিত স্বাৰ্থৰ কাৰণে অসমীয়া আৰু বংগালী লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাব বিছাৰিচে লগতে কিছুমান ঘটনা সংঘটিত কৰিছে ৷ ইফালে সততে ছ’চিয়েল মিডিয়াত যিকোনো আপত্তিজনক বাতৰি বিয়পোৱা আৰু ইয়াক বন্ধ কৰাৰ বাবে প্ৰায়ে চৰকাৰ বিভিন্ন ব্যৱস্থা কৰি আহিছে ৷এই সন্দৰ্ভত কমলাক্ষ দে পুৰকায়স্থই কয় যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কিছু সংখ্যক লোকে সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পোৱাৰ চেষ্টা কৰিছে ৷
লগতে বিধায়ক জনে কয় যে এই সমূহ ঘটনা সম্প্ৰতি অৰ্থহীন যেন অনুভৱ হৈ আছে যদিও অনতি পলমে যদি এই সমূহ বিষবাস্পৰ উপৰত প্ৰতিবন্ধকতা নলগাই তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷উল্লেখযোগ্য যে এই প্ৰসংগত সংসদীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত আশ্বাস দিয়ে যে চৰকাৰে যিকোনো ৰাজ্যত কোনো ধৰণৰ সাম্প্ৰদায়িক সদ্ভাৱ বিঘ্নিত হোৱাৰ কাৰণে অনুমতি নিদিয়ে ৷ লগতে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে চৰকাৰে ছ’চিয়েল মিডিয়াৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিব ৷আমি যিকোনো লোকৰ তথা বিভিন্ন বৰ্গৰ প্ৰচলিত শান্তিৰ লগতে শান্তিৰ বিঘ্নিত কৰিব পৰা কোনো বুজাবুজিৰ অনুমতি নিদিয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি