শীৰ্ষ বাতৰি

নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্প ৰূপায়ণ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক অবমাননা কেন্দ্ৰৰ: আছু

Sentinel Digital Desk

নামনি অসমৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা নামনি শুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক কেন্দ্ৰয়ে অবমাননা কৰিছে বুলি সদৌ অসম ছাত্ৰ সন্থায়ে মত প্ৰকাশ কৰিছে । ছাত্ৰ সন্থায়ে লগতে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয়ে ৪০ মিনিটৰ ভিতৰত এই প্ৰকল্পৰ অধীনত থকা লোক সকলৰ ভাগ্য নিৰ্নয় কৰিবলৈ গৈ আছে।

২০১৯ চনৰ ১৯ প্ৰকাশিত বক্তব্যত আছুৰ সভাপতি দিপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে প্ৰকাশ কৰে যে কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয়ে নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ ২০০৩ ইতিমধ্যে মঞ্জুৰ কৰিছে । এই প্ৰকল্পটোৰ কাম চলি থকাৰ সময়ত কেন্দ্ৰীয়ে পৰিবেশ আৰু প্ৰযুক্তিবিদ্যাৰ দিশৰ বাবে কেইবাখনো কমিটি গঠন কৰি দিছিল । ৰিপোৰ্টত কমিটিয়ে প্ৰকাশ কৰিছিল যে এই প্ৰকল্পৰ দ্বাৰা লোকসকলৰ নিৰাপত্তা দিশটো আওকাণ কৰা হৈছে । ২০০৬ চনৰ ৮ ডিচেম্বৰত আছুৰ লগতে এন এইচ পি চিৰ বিষয়া আৰু চৰকাৰৰ প্ৰতিনিধিয়ে ত্ৰিপাক্ষিক বৈঠকত মিলিত হৈছিল । এই বৈঠকৰ পাছতে চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ, আই আই টি গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ টিম গঠন কৰি দিয়া হৈছিল । কমিটিৰ ৰিপোৰ্টত প্ৰকাশ কৰা হৈছিল যে প্ৰকল্পটো ভূমিকম্পৰ প্ৰবনতা থকা স্থানত অবস্থিত আৰু এই প্ৰকল্পটোৱে জনসাধাৰণ নিৰাপত্তাৰ দিশতো আওকাণ কৰিছে।

বক্তব্যত প্ৰকাশ কৰে যে আছুৰ লগতে ২৬ আঞ্চলিক সংগঠন, নতুন দিল্লী, দিছপুৰ সংগঠনৰ সদস্য আৰু বিশেষজ্ঞ, অসম অথা কেন্দ্ৰৰ বিশেষজ্ঞৰ বৈঠকত মিলিত হৈছিল ।

আছুয়ে প্ৰকাশ কৰা মতে প্ৰাক্তন আছুৰ সহ সভাপতি তুলিৰাম গগৈয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক এক গোচৰ ৰুজু কৰিছিল । কলিকতাৰ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ এক তিনি জনীয়া কমিটি গঠন কৰি দিছিল । তিনি জনীয়া কমিটিৰ সদস্য কেইজন পুৰ্বৰ পৰায়ে প্ৰকল্পটোৰ লগত জড়িত হৈ আছিল । তাৰ পাছত নতুন দিল্লীৰ সেউজ প্ৰাধিকৰণলৈ গোচৰটো পঠিওৱা হয় ।

২০১৯ চনৰ ১২ এপ্ৰিলত পৰিবেশ আৰু বন মন্ত্ৰালয়ে প্ৰকাশ কৰে যে প্ৰকল্পটোৰ সন্দৰ্ভত ২৩ এপ্ৰিলত ৩ জনীয়া কমিটিয়ে আলোচনা কৰিব আৰু ৪০ মিনিটত সিদ্ধান্ত গ্ৰহণ কৰা হব ।

আছুয়ে অভিযোগ উত্থাপন কৰিছে যে এপেস্ক কোৰ্টে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দিয়া নিৰ্দেশক আওকাণ কৰি প্ৰকল্পটো ৰূপায়ণত অধিক গুৰুত্ব দিছে। লক্ষিমপুৰত ১১ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছ দিনাই ১২ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি