শীৰ্ষ বাতৰি

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজনৈতিক জীৱনৰ কৰ্মজীৱনক লৈ চিন্তিত বিজেপি বিধায়ক

Sentinel Digital Desk

সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি বিধায়কসকল নিজৰ ৰাজনৈতিক কৰ্মজীৱনক লৈ চিন্তিত হৈ পৰিছে ৷ শেহতীয়াকৈ হোৱা বিজেপি আৰু এজিপি মিত্ৰতা ভংগৰ পিছত বিজেপি আৰু এজিপিয়ে মিত্ৰতা অবিহনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ ইফালে ভাৰতীয় জনতা পাৰ্টি (BJP)অৰ্থাৎ বিজেপিৰ এজন বিধায়কৰ মন্তব্য অনুসৰি ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো অসমৰ সংসদীয় নিৰ্বাচন অঞ্চলসমূহত কংগ্ৰেছৰ অস্তিত্ব আছে ৷

বিজেপি বিধায়ক সকলৰ মতামত অনুসৰি ৰাজ্যখনত হোৱা পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰে যে ৰাজ্যখনত কংগ্ৰেছ দ্বিতীয় স্থানত আছে । লগতে বিগত গাঁও পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জিলা পৰিষদৰ ৪২০ আসনৰ ভিতৰত লাভ কৰিছে ২১২ খন, কংগ্ৰেছে লাভ কৰিছে ১৪৭ খন আৰু ইয়াৰ বিপৰীতে অন্যান্য পায় ৬৫ খন আসন। ইফালে সাম্প্ৰতিক সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত কিছুসংখ্যক বিধায়কৰ মন্তব্য অনুসৰি এজিপি- বিজেপিৰ মিত্ৰতা ভংগ কৰিব নালাগে । এই সন্দৰ্ভত কিছুসংখ্যক বিধায়কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে আলোচনা মিলিত হৈছে ৷ইফালে কিছু সংখ্যক এজিপি বিধায়কে অনুভৱ কৰে যে, বিজেপি আৰু এজেপিৰ মিত্ৰতা ভংগৰ পিছত কংগ্ৰেছ দল লাভাম্বিত হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি