শীৰ্ষ বাতৰি

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Sentinel Digital Desk

নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ তেল ৰপ্তানিৰ ভাৰত বাংলা মৈত্ৰী চুক্তিৰ তীব্ৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তিৰ আধাৰত ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত প্ৰতিষ্ঠিত নুমলীগড় তেল শোধনাগাৰলৈ নামি আহিছে গভীৰ সংকট ৷ যিকোনো সময়ত শোধনাগাৰটো বন্ধ হৈ যোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ একমাত্ৰ ভাৰত বাংলাদেশৰ সুসম্পৰ্ক অটুত ৰখাৰ বাবেই অসমীয়াৰ আবেগ অনুভূতিক জলাঞ্জলি দিবলৈ তিলমানো কুণ্ঠাবোধ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ সকলো জ্ঞাত হোৱাৰ পিছতো নুমলীগড় শোধনাগাৰৰ বৰ্তমানৰ পৰিচালন সঞ্চালক এচ কে বৰুৱা চকু মুদা কুলীৰ ভাওজুৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা বাঃ বাঃ লোৱাৰ বাবেই হাত উজান দিছে ৷এই অভিযোগ শোধনাগাৰটোৰ বিভিন্ন বিভাগৰ বিষয়াৰে গঠিত এন আৰ এল অফিচাৰ্চ এচ’ছিয়েছনৰ ৷১২শতাংশ অংশীদাৰিত্ব থকা অসম চৰকাৰো নিমাত এই ক্ষেত্ৰত ৷নুমলীগড় শোধনাগাৰৰ অস্তিত্ব ভয়াবহ সংকটৰ গৰাহত ৷ এই চুক্তি শীঘ্ৰেই বাতিল নকৰিলে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে যুৱ ছাত্ৰ পৰিষদে ৷