শীৰ্ষ বাতৰি

নেপালত ধুমুহা বৰষুণৰ তাণ্ডৱ : ২৫ জনৰ মৃত্যু, ৪০০ আহত

Sentinel Digital Desk

দক্ষিন নেপালত ধুমুহা বৰষুণৰ কাল ৰূপ। বৰ্তমানলৈকে এই ভয়াবহ ধুমুহাৰ ফলত ২৫ জন লোক মৃত্যু হোৱাৰ লগতে কমেও ৪০০ জন লোক আহত হৈছে বুলি প্ৰকাশ কৰিছে ।

গৃহ মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰা মতে দেওবাৰে আবেলি অহা ধুমুহাৰ ফলত বাৰা আৰু পাৰছা গাঁওত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ।

কাঠমাণ্ডুৰ পৰা ১২৮ কিলোমিটাৰ নিলগত অৱস্থিত বাৰা জিলাত ধুমুহা বৰষুণৰ ফলত ২৪ জন লোকৰ মৃত্যু হয় । আনহাতে পাৰছা জিলাত ১ জন লোক মৃত্যু হৈছে।

নেচনেল ইমাৰজেঞ্চি অপাৰেচন চেন্টাৰে প্ৰকাশ কৰা মতে ৪০০ ৰো অধিক লোক আহত হৈছে । আহত সকলক বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ কৰে ।

নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিয়ে সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱা লোকসকলৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

সেনা আৰু আৰক্ষী বিষয়া সকলে লোক সকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি