শীৰ্ষ বাতৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিউল শান্তি বঁটাৰ ধনৰাশি নমামি গংগা পুঁজিলৈ প্ৰদান কৰে

Sentinel Digital Desk

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিউল শান্তি বঁটা গ্ৰহণ কৰি এই বঁটা সমগ্ৰ ভাৰত বাসীলৈ অৰ্পিত কৰে আৰু ধনৰাশি নমামি গংগা পুঁজি লৈ প্ৰদান কৰে । তেওঁ এই বঁটা লাভ কৰি সন্মানিত অনুভৱ কৰাৰ লগতে কয় যে যোৱা ৫ বছৰত ভাৰতে যি সাফল্য অৰ্জন কৰিছে এইয়া তাৰেই ফচল ।

ছিউল শান্তি বঁটা সেই খন দেশৰ বাবে যিখন দেশত শান্তিৰ বীজ ৰোপণ কৰে বুলি প্ৰকাশ কৰে । ছিউল শান্তি বঁটা ন্যাসে আগবঢ়োৱা বঁটা মহাত্মা গান্ধীৰ ১৫০ সংখ্যাক জম্ম জয়ন্তীত লাভ কৰি তেওঁ গৰ্বিত বুলি প্ৰকাশ কৰে ।

নৰেন্দ্ৰ মোদীৰ পুৰ্বে ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব কফি আন্নান, জাৰ্মান চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ উপৰি ডক্টৰছ ডাইডাউট বৰ্ডাৰ এণ্ড অক্সফামৰ দৰে আন্তৰ্জাতিক সংগঠনে এই বটা লাভ কৰিছিল ।

এই বঁটাৰ ১ কোটি ৩০ লাখ টকা নমামি গংগা পুঁজি লৈ প্ৰদান কৰি কয় যে গংগা পৰিস্কাৰ কৰাত এই পুঁজি ব্যবহাৰ কৰা হ'ব। কাৰন গংগা আমাৰ অৰ্থনৈতিক জীৱনৰেখাই নহয় আমাৰ বাবে গংগা পুজ্য তুল্য|