শীৰ্ষ বাতৰি

নৰেন্দ্ৰ মোদী এজন অযোগ্য প্ৰধানমন্ত্ৰী : মমতা বেনাৰ্জী

Sentinel Digital Desk

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক এজন অযোগ্য প্ৰধানমন্ত্ৰী বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰে যে তেওঁৰ কেৰিয়াত তেওঁ বহুতো প্ৰধানমন্ত্ৰী দেখিছে আৰু বহু প্ৰধানমন্ত্ৰী অধিনত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাম কৰিছে । কিন্তু নৰেন্দ্ৰ মোদী এজন অতি অযোগ্য প্ৰধানমন্ত্ৰী বুলি প্ৰকাশ কৰে।

মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনীতিৰ সৌজন্যতা সমুহ জ্ঞাত নহয় আৰু পশ্চিম বংগৰ আমদাঙগাৰ ৰেলীত অংশগ্ৰহণ কৰোতে তেওঁ বংগৰ সংস্কৃতিৰ ওপৰতো জ্ঞাত নহয় বুলি প্ৰকাশ কৰে । মোদীয়ে কোনো সাংস্কৃতিকে সন্মান কৰিব নাজানে আৰু বংগৰ সংস্কৃতিৰ ওপৰতো জ্ঞাত নহয়। লগতে কয় মোদীয়ে সকলোকে নিজৰ দাস বুলি ভাবে ।

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰিছিল যে ৪০ জন তৃণমূল কংগ্ৰেছ কমিটিৰ বিধায়কে তেওঁৰ লগত যোগাযোগ স্থাপন কৰিছিল আৰু মমতা বেনাৰ্জীয়ে ধৰি ৰাখিবলৈ একো নাই ।

চেৰামপুৰৰ এখন ৰাজহুৱা সভাত মোদীয়ে কৈছিল যে ২৩ মে সকলোতে পদুম ফুল ফুলিব আৰু ৪০ জন তৃণমূল কংগ্ৰেছৰ বিধায়কে মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰিব ।

নিৰ্বাচনৰ সময়ত বিজেপিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে কয় যি সকলে আগতে খাকি পেন্ট পৰিধান কৰি দৌৰিছিল তেওঁলোকে এতিয়া জনসাধাৰণক টকা বিলাই ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি