শীৰ্ষ বাতৰি

পঞ্চম বাৰৰ বাবে উৰিষ্যাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে নবীন পাটনায়কে

Sentinel Digital Desk

আজি পঞ্চম বাৰৰ বাবে উৰিষ্যাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে নবীন পাটনায়কে । উৰিষ্যাৰ ৰাজ্যপাল গনেশি লালে শপত বাক্য পাঠ কৰোৱাই। মুখ্যমন্ত্ৰী নবীন পাটনায়ক লগতে ১১ জন কেবিনেট মন্ত্ৰী আৰু ৯ গৰাকী ৰাজ্যিক মন্ত্ৰী সহ ২০ গৰাকীয়ে মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে ।

ভূবেনশ্বৰৰ এগজিভিচন গ্ৰাউণ্ডত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিজু জনতা দলৰ মুখ্য ৭২ বছৰীয়া নবীন পাটনায়ক দীৰ্ঘ সময় ধৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন মুখ্যমন্ত্ৰী ।

বিজু জনতা দলে ১৪৭ জনীয়া উৰিষ্যা বিধান সভাত ১১২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি