শীৰ্ষ বাতৰি

পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

Sentinel Digital Desk

আজি পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোটগ্ৰহন। নিৰ্বাচনত পাকিস্তান মুছলিম লীগ–নৱাজ (পিএমএল-এন), পাকিস্তান তেহৰিক–এ–ইনছাফ (পিটিআই) আৰু পাকিস্তান পিপুল্ছ পাৰ্টী (পিপিপি)ৰ মাজত হ'ব মুল ৰণ। কিন্তু পাকিস্তানৰ এই সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে কুৱেটাত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় ।পুৱা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই বিস্ফোৰণটি । বোমা বিস্ফোৰণত মুঠ ২২ জন লোক নিহত হোৱাৰ লগতে ৩০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছিল তিনিজনকৈ আৰক্ষী জোৱান আৰু দুটি শিশু । আহতসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।