শীৰ্ষ বাতৰি

পৃথক বৰাক ৰাজ্যৰ দাবী পৰিহাৰ কৰক : সৰ্বানন্দ সোণোৱাল

Sentinel Digital Desk

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰৰ আৱৰ্ত ভৱনত সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্ডি ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক সম্পাদক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ দত্ত ৰয়ৰ লগত আলোচনাত মিলিত হয়। পৃথক বৰাক ৰাজ্য,এনআৰচি আৰু নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বিষয়ে আলোচনা কৰা হয়।ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰয়ক পৃথক বৰাক ৰাজ্যৰ বিষটো পৰিহাৰ কৰিবলৈ আহ্বান জনাই।সংগঠনটোৰ সভাপতি ৰয়ে কয় যে মুখ্যমন্ত্ৰী পৃথক বৰাক ৰাজ্য বিষয়টো পাহৰি যাবলৈ কোৱাৰ লগতে বৰাক উপত্যকাৰত নতুন আঁচনি,প্ৰকল্প,কাৰ্য্যসুচী ৰূপায়ন কৰা হব আৰু নমামি বৰাক আয়োজন কৰাৰ লগতে উন্নয়নৰ বাবে ৫০০ কোটি টকা অনুমোদন কৰা হব।