সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰিমিয়াম পেট্ৰ’ল, বাণিজ্যিক এল পি জি, অত্যাৱশ্যকীয় ঔষধ আৰু টোলগেট মাচুলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তক “জনবিৰোধী” বুলি আখ্যা দি তাৎক্ষণিকভাৱে ৰোলবেক কৰাৰ দাবী জনায়।
আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন এক যৌথ বিবৃতিত কয় যে, যেতিয়া বহু পৰিয়ালে ইতিমধ্যে মৌলিক সামগ্ৰীৰ বাবে সংগ্ৰাম কৰিছে, সেই সময়ত এই সিদ্ধান্তই সাধাৰণ লোকক যথেষ্ট আঘাত কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে, "যি সময়ত মানুহে এটা এল পি জি চিলিণ্ডাৰৰ বাবে হতাশ হৈ পৰিছে, সেই সময়ত চৰকাৰে কেইবাটাও সাধাৰণ আৰু জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বৃদ্ধি কৰাৰ লগতে টোলগেটৰ মাচুলও বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে জনবিৰোধী সিদ্ধান্ত ৰোল বেক কৰিব লাগিব।"
ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক অবিলম্বে মূল্য বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে।
অধিক পঢ়ক: নগৰ সুৰক্ষাৰ বাবে গুৱাহাটী আৰক্ষীৰ নতুন পদক্ষেপ, বিভিন্ন এলেকাত আধিপত্য টহল