শীৰ্ষ বাতৰি

প্লাষ্টিকৰ বটল বৰ্জন কৰিবলৈ চিবিএচইৰ বিশেষ পদক্ষেপ

Sentinel Digital Desk

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) কেন্দ্ৰীয় বিদ্যালয় সমূহৰ চাৰিওপাশৰ পৰা প্লাষ্টিক বৰ্জন কৰিবলৈ এক বিশেষ সিদ্ধান্ত হাতত লৈছে। অসমৰ কোনো এখন বিদ্যালয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অৱশ্যে গুৱাহাটীস্থিতি কিছু সংখ্যক বিদ্যালয়ে চাৰিওপাশত প্লাষ্টিকৰ বস্তু বৰ্জন কৰিছে যদিও সম্প্ৰতি লান্স বক্স আৰু প্লাষ্টিকৰ বটল বৰ্জন কৰা নাই ৷ কিছু সংখ্যক বিদ্যালয়ত শীতল পানীয় বটলসমূহৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে যদিও ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকৰ বটলত পানী অনাৰ প্ৰক্ৰিয়া চলি আছে ৷

ইয়াৰোপৰিও চিবিএচইৰ ২০১৮ চনৰ পৰিচয় পত্ৰত প্লাষ্টিকৰ বটল,ৰেপাৰ,পেকেজিং,বেগ,কাপ,প্লেট বিদ্যালয়ৰ কেনন্টীন আদিত প্লাষ্টিকৰ সামগ্ৰীসমূহৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে এই সামগ্ৰী সমূহ ব্যৱহাৰ কৰাৰ ফলত হোৱা অপকাৰ সন্দৰ্ভত অৱগত কৰোৱা হ’ব। চিবিএছই ৰ পৰিচয় পত্ৰত প্লাষ্টিকৰ অপকাৰীতা সম্পৰ্কে অন্তৰ্ভূক্ত কৰি ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিব পৰা যাব ৷ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলে প্লাষ্টিকৰ বিৰুদ্ধে নিজেই সজাগ হোৱাৰ লগতে আশে পাশে থকা জনসাধাৰণকো সজাগ কৰিব পাৰিব ৷কিন্তু অধিকাংশ বিদ্যালয়ত প্লাষ্টিকৰ সম্বন্ধে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰাবলৈ লোৱা পদক্ষেপ গ্ৰহণ কৰা নাই৷

এক বিশেষ সূত্ৰ খবৰ অনুসৰি কিছু সংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক প্লাষ্টিকৰ বস্তু প্ৰয়োগ সীমিত কৰিবলৈ কয় ৷উল্লেখ্য যে,গুৱাহাটীৰ এখন ব্যক্তিগত ইংৰাজী মিডিয়ামৰ অধ্যক্ষই কয় যে,তেওঁলোকে ছাত্ৰ ছাত্ৰী সকলক পানী খাবৰ শীতল পানীয় বটল ব্যৱহাৰ কৰিবলৈ নিদিয়ে ৷ কিন্তু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যিকোনো প্ৰকাৰৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰে কাৰণ কাঁচৰ বটল সমূহ ব্যৱহাৰ কৰাটো অত্যন্ত ক্ষতিকাৰক তথা বিপদজনক ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি