শীৰ্ষ বাতৰি

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ কাৰ্যকালৰ সমাপ্তি হোৱাৰ পথত

Sentinel Digital Desk

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অসমৰ লগত থকা সম্বন্ধ অনাগত মাহত সমাপ্ত হ’ব ৷ আৰু কংগ্ৰেছে চলিত বৰ্ষৰ ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত ৰাজ্যৰ দুখন আসনৰ কাৰণে ৭ জুনত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ১২৬ খন সংসদীয় আসনত বিজেপিৰ ওচৰত আছে ৬১ জন,এজিপিৰ লগত আছে ১৪ জন আৰু বিপিএফৰ লগত আছে ১২ জনৰ লগতে এজন নিৰ্দলীয় বিধায়কৰ সহিতে আছে ৮৮ জন বিধায়ক ৷

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ লগত আছে মাত্ৰ ২৫ জন বিধায়ক ৷ আৰু এআইইউডিএফৰ লগত আছে ১৩ জন বিধায়ক ৷ অন্যহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ দুবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত হৈছিল। ১৯৯১ চনৰ পৰা উচ্চ সদনত অসমক প্ৰতিনিধিত্ব কৰে ড° সিঙে। ২০১৩ চনৰ ৩০ মে’ত অন্তিম বাৰৰ কাৰণে নিৰ্বাচিত হৈছিল, যেতিয়া কংগ্ৰেছে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ আহিছিল ।

১৯৯১ চনত ড° সিঙক সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ৰাজ্যসভা আসন প্ৰদান কৰিছিল ৷ আৰু নিৰ্বাচনৰ পিছত ড° সিঙে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰূপে কাৰ্যভাৰ হাতত লৈছিল ৷ ইফালে,আইন অনুসৰি, ৰাজ্যৰ সাংসদ হ’বৰ কাৰণে এজন ব্যক্তিক সেই ৰাজ্যৰ এজন বাসিন্দা হ’ব লাগিব ৷ সেয়েহে হিতেশ্বৰ শইকীয়াই নিজৰ ঘৰত ভাৰাতীয়া হিছাপে ৰাখে ড° সিঙক ৷

অন্যহাতে ড° মনমোহন সিঙৰ স্থায়ী ঠিকনা হৈছে সৰুমতাৰিয়া,দিছপুৰ, ঘৰৰ নম্বৰ ৩৯৯৮৯,নন্দন নগৰ,ৱাৰ্ড নং ৫১,গুৱাহাটী কামৰূপ (মেট্ৰ’) ৷ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰ দিছপুৰ বিধানসভা ক্ষেত্ৰৰ ভোটদাতা ৷ বিগত লোকসভা নিৰ্বাচনত গুৱাহাটীত ড° সিং আৰু পত্নী গুৰচৰণ কৌৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰৰ গ্ৰহণ কৰি থাঁকোতে বহুবাৰ মনমোহন সিঙে অসমক নিজৰ ঘৰ বুলি আখ্যা দিছে ৷ যিয়ে অসমবাসী ৰাইজৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি