শীৰ্ষ বাতৰি

পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে খাম্ফা বৰগয়াৰীয়ে

Sentinel Digital Desk

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰিলে বিটিচিৰ ডেপুটী চীফ খাম্ফা বৰগয়াৰীয়ে ৷ আয়তীৰ নাম প্ৰসংগ, বিহু দল, বড়ো বিহু দল আদিৰ লগতে স্থানীয় বিভিন্ন দল সংগঠন, আৰু ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয়খন ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে ৷ বিভিন্ন দেশী বিদেশী পৰ্যটকৰ উপস্থিতিত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ মুকলি অনুষ্ঠানত খাম্ফা বৰগয়াৰীয়ে পূৰ্বতকৈ এই বেলি দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হব বুলিও আশা প্ৰকাশ কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আম্তগাঠনি উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিশেষ ব্যৱস্থা গ্ৰহন কৰাৰ কথাও প্ৰকাশ কৰে বৰগয়াৰীয়ে ৷ আনহাতে উদ্যানখনৰ ভূমিত হোৱা বেদখল উচ্ছেদৰ বাবে উদ্যান কতৃপক্ষক কঠোৰ পদক্ষেপ লবলৈ নিৰিদেশ দিয়ে ৷ বিগত বছৰটোত উদ্যানখনলৈ ৪৮০ গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছিল ৷ ইয়াৰ সমান্তৰালভাৱে প্ৰায় ৫ হাজাৰ দেশীয় পৰ্যটকে মানাহ লৈ আহিছিল ৷

পৰ্যটকৰ বাবে হাতী চাফাৰী, জীপ চাফাৰীৰ বিশেষ ব্যৱস্থা আছে উদ্যানখনত ৷ পৰ্যটকৰ বাবে প্ৰায় পোন্ধৰটা হাতী চাফাৰীৰ ব্যৱস্থা আছে ৷ উদ্যানখনৰ মুকলি অনুষ্ঠান উপলক্ষে বিটিচিৰ এমচিএলএ গৌতম দাস, বিটিচিৰ প্ৰিন্সিপাল চেক্ৰেটাৰী বীৰেন চন্দ্ৰ ফুকন, মানাহৰ প্ৰজেক্ট ডাইৰেক্টৰ হিৰন্য শৰ্মা, বিটিচিৰ ট্যুৰিজম চেক্ৰেটেৰী ৰবিনচন মুছাহাৰীয়ে আদি বিষয়াসকলো উপস্থিত থাকে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিন ৱেটচ্, হলেণ্ডৰ জেকব আদিকে ধৰি প্ৰায় ছগৰাকী পৰ্যটক আহি ইতিমধ্যে মানাহত আহি উপস্থিত হৈছে ৷