শীৰ্ষ বাতৰি

বগীবিল দলং এই বছৰ মুকলি কৰা হব : সোণোৱাল

Sentinel Digital Desk

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হৈ থকা বগীবিল দলং এই বছৰ ৰাইজৰ বাবে মুকলি কৰা হব বুলি আস্থা প্ৰদান কৰে।ডিব্ৰুগড়ৰ ৰেল বিভাগৰ অতিথি গৃহত অনুস্থিত এখন সভাৰ পাছতে দলং খনৰ কাম মুখ্যমন্ত্ৰী জনে পৰ্য্যবেশন কৰে।সোণোৱালে উত্তৰ সীমান্ত ৰেলৰ মুখ্য প্ৰৱন্ধক, ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়া, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰশাসন আৰু বাকী এজেঞ্চি সমূহক অতি সোনকালে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বগীবিল দলং সংযোগী উৰনীয়া সেতুৰ কাম নবেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে।তেওঁ ৰেল বিভাগক শ্ৰমিকৰ লগতে কাৰিকৰি দিশত সহায় কৰিব বুলি জানিব দিয়ে।উৰনীয়া সেতু খন সম্পূৰ্ণ হলে ডিব্ৰুগড় বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ঠ উপকৃত হব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।