শীৰ্ষ বাতৰি

বটদ্ৰৱা থানত নবনিৰ্মিত নৈবেদ্য গৃহৰ শুভ উন্মোচন

Sentinel Digital Desk

অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান সমগ্ৰ মানৱ জাতিৰ ভক্তি আৰু আস্থাৰ কেন্দ্ৰস্থান । বটদ্ৰৱা থান দৰ্শনৰ উদ্দেশ্যৰে অসম তথা উত্তৰ পূৱ ভাৰতৰ বিভিন্ন স্থানৰ পৰা নিতৌ কেইবা সহস্ৰাধিক তীৰ্থ যাত্ৰী দৰ্শনাৰ্থীৰ সমাগম ঘটে । তেৰাৰ এই পবিত্ৰ জন্মভীঠা খণ্ডত সমবেত তীৰ্থযাত্ৰী সকলৰ থান সেৱাৰ সুবিধাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে নিজা পূঁজিৰে নিৰ্মাণ কৰি উলিওৱা নৈবেদ্য গৃহ ভাগৰ আজি পুৱা শুভ উন্মোচন কাৰ্য সম্পন্ন হয় ।

আয়তীৰ উৰুলি মঙ্গল ধ্বনি আৰু বন্তি প্ৰজ্বলনৰ মাজেৰে মাঙ্গলিক পৰিবেশত গৃহভাগৰ শুভ উন্মোচন কৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে । সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁতধৰা অনুষ্ঠানটিত কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, কোষাধ্যক্ষ ঘনশ্যাম নাথ, আন এগৰাকী সহকাৰী সম্পাদক যোগেন শইকীয়াকে প্ৰমুখ্য কৰি কাৰ্য নিৰ্বাহকৰ সদস্য আৰু ভকত বৈষ্ণৱ আই মাতৃ সকলে অংশ গ্ৰহন কৰে। মাধৱ দেৱ বিৰচিত এটি ঘোষাৰে গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিৰ সামৰণী পৰে ।