শীৰ্ষ বাতৰি

বটদ্ৰৱাত সুধাকন্ঠ ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ

Sentinel Digital Desk

বিশ্ব বৰেণ্য অমৰ শিল্পী, সুধাকন্ঠ ড° ভুপেন হাজৰিকাৰ আজি মৃত্যু বাৰ্ষিকীত তেখেতক সমগ্ৰ ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ৷বটদ্ৰৱা ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত বটদ্ৰৱাতো দিনযোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত হয়। তদুপলক্ষে বটদ্ৰৱা সৰুহিছা ৰাজহুৱা মঞ্চত পুৱা পতাকা উত্তোলন, সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাই ।

বিয়লি ৩ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা তথা অভিনেত্ৰী আংগুৰলতা ডেকাই। ভূপেন হাজৰিকা কালজয়ী মানুহে মানুহৰ বাবে' শীৰ্ষক গীত আৰু সাৱলীল বক্তিতাৰে বিধায়িকাগৰাকীয়ে উপস্থিত দৰ্শকক আপ্লুত কৰে। আনহাতে বালিসত্ৰতো উদীয়মান যুৱক সংঘৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।

পুৱা ভূপেন হাজৰিকা প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজলন কৰাৰ পাছত বিয়লি সমাজকৰ্মী গজেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ ভূঞাই। সাংবাদিক মনিক বৰাই আঁত ধৰা অনুষ্ঠানটিত সুধাকন্ঠৰ গীত নৃত্যৰ এক মনোৰম অনুষ্ঠান অনুষ্ঠিত হয়।

নগাঁও জিলাৰ ভিন্ন প্ৰান্তত গণশিল্পীগৰাকীক সোঁৱৰণ কৰাৰ লগতে জিলাখনৰ অগ্ৰণী গাড়ী বিক্ৰী প্ৰতিষ্ঠান আকাশ হুণ্ডাইৰ পৰিচালক মণ্ডলীয়ে পুৱাই প্ৰতিষ্ঠান প্ৰাংগনত অনুষ্ঠিত কৰে সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ আকাশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰ পঙ্কজ বেজবৰুৱাৰ তত্বাবধানত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী, গ্ৰাহক ৰাইজে মহান শিল্পীগৰাকীৰ অবদানক শ্ৰদ্ধাৰে সোঁৱৰন কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে ৷

সকলোৱে একেলগে সুধাকন্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে' সমস্বৰে পৰিবেশন কৰে ৷ নিজৰ বক্তব্যত পঙ্কজ বেজবৰুৱাই অসমীয়াৰ হিয়াৰ আমঠু অমৰ শিল্পীগৰাকীৰ কালজয়ী গীতৰ মাধ্যমেৰে অসমীয়াক দি যোৱা সতৰ্ক বাণী আজি প্ৰত্যেক অসমীয়াই হৃদঙ্গম কৰা অত্যন্ত আৱশ্যক হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠান হৈয়ো জাতীয় জীৱনৰ লগত জড়িত প্ৰতিটো উৎসৱ, অনুষ্ঠান উদ্ যাপন কৰি আকাশ হুণ্ডাইয়ে জাতীয় প্ৰেমৰ এক ব্যতিক্ৰম নিদৰ্শন ডাঙি ধৰিছে ৷ যাৰ বাবে প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰীকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া, কৰ্মচাৰী নিশ্চিতভাৱে শলাগৰ পাত্ৰ ৷