শীৰ্ষ বাতৰি

বটদ্ৰৱাৰ অাকাশীগঙ্গাত কাছ এৰিলে তুলসীমুখৰ ভকতে

Sentinel Digital Desk

যি সময়ত এচাম লোকে প্ৰকৃতি আৰু জীৱ কূলৰ প্ৰতি ধ্বংস মাতি আনিছে সেই সময়তে একাংশই প্ৰকৃতিৰ দুস্পাপ্য তথা বিৰল প্ৰজাতিৰ জীৱ জন্তু সমূহ নিৰাপদ স্থানত সংৰক্ষণৰ প্ৰয়াস চলাই আহিছে। নগাঁও জিলাৰ তুলসী মুখৰ নৈপাম গাৱঁৰ চন্দ্ৰ কান্ত দাস, হৰি ৰাম দাস নামৰ দুজন ভকতে নিজৰ চোতালত উদ্ধাৰ হোৱা গোটেই গাটোত সোণালী ৰঙৰ ফুটফুটীয়া আবৰণেৰে ঢাকি ৰখা এটি বিৰল প্ৰজাতিৰ বৰকাছৰ পোৱালী আনি আজি পুৱা বটদ্ৰবাৰ ঐতিহ্যমণ্ডিত আকাশীগঙ্গা জলাশয়ত এৰি দিয়ে।

উল্লেখ্য যে অাকাশীগঙ্গাৰ বিশাল জলভাগত নিৰাপদে কাছ সংৰক্ষণৰ বাবে বটদ্ৰবা থান পৰিচালনা সমিতিৰ সহযোগীতাত অসমৰ বিভিন্ন অঞ্চলৰ লোকে ইতিপূৰ্বে কেইবাটাও কাছ এৰি দিছে। পাঁচ কিলোগ্ৰাম ওজনৰ কাছটো প্ৰদান কৰা অনুষ্ঠানটিত বটদ্ৰবা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰমোহন বৰুৱা, যোগেন শইকীয়া, সদস্য মুকুল কলিতা, মন্টু বৰা, অতুল কলিতা, ভাগ্যেন্দ্ৰ মহন্ত প্ৰমুখ্যে কেইবাগৰাকী লোক উপস্থিত আছিল।