শীৰ্ষ বাতৰি

"বাজেট খনে নতুন ভাৰত গঠন কৰিব": প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) শুকুৰবাৰে মন্তব্য কৰে যে, অন্তৱৰ্তীকালীন বাজেটখনে দৰিদ্ৰ লোকসকলক সবলীকৰণৰ আৰু মধ্যবিত্ত পৰিয়াল, খেতিয়ক, মজদুৰ, ব্যৱসায়ী সকলোকে সমতাৰ গতিত নৱ ভাৰতৰ আন্তঃগাঁঠনি গঢ়ি তুলিব। বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে বাজেট আৰম্ভ কৰি উল্লেখ কৰে যে ১২ কোটি খেতিয়ক, 3 কোটি মধ্যবিত্ত কৰ দাতা আৰু ৪০ কোটি অনানুষ্ঠানিক খণ্ডৰ কৰ্মচাৰী ইয়াৰ পৰা লাভান্বিত হ'ব।

আনহাতে মোডীয়ে উল্লেখ কৰে যে দৰিদ্ৰ সকলক ক্ষমতাশালী কৰাৰ লগতে খেতিয়ক আৰু ব্যৱসায়ী সকলক সবলীকৰণৰ কৰি তুলিব, মহিলা কৰ্মচাৰী বৃদ্ধি পাব, মধ্যবিত্ত পৰিয়াল সমূহে সপোনবোৰ পূৰ্ণ কৰিৱ পাৰিব, কৰ পৰিশোধ কৰা সজ্জন সকলে উদযাপন কৰিৱ পাৰিব। নতুন আশা লৈ ১৩০ কোটি লোকে নতুন ভাৰতৰ লক্ষ্য প্ৰাপ্তি কৰিৱ। তেওঁ কয় যে "সকলো সামৰি সন্নিৱিষ্ট কৰি প্রতিব্ৰতাৰে সৰ্বাঙ্গীন কল্যাণ কৰা" বাজেটখনে উৎপাদন, আন্তঃগাঁঠনি, স্বাস্থ্য সেৱা সকলো সামৰি মিতব্যয়িতা বৃদ্ধি কৰিৱ। সকলোৰে বাবে আমাৰ ৰাজনীতি এক ধনাত্মক পৰিৱৰ্তনে গঠিত হ'ব।

নৰেন্দ্ৰ মোডীয়ে কয় যে আয়ুষমান ভাৰতৰ জৰিয়তে ৫০ কোটি মানুহ উপকৃত হৈছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা দ্বাৰা ৯ কোটি পৰিয়াল, উজ্জ্বৱালা আঁচনি দ্বাৰা ১.৫ কোটি লোকক বিনামূলীয়া ৰন্ধন গেছৰ সংযোজন, প্ৰধানমন্ত্ৰী আৱাস যোজনা দ্বাৰা ১.৫ কোটি পৰিয়ালে স্হায়ী বাসগৃহ পাবলৈ সক্ষম হৈছে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি