শীৰ্ষ বাতৰি

বাজেট ২০১৯: কৃষক আৰু অসংগঠিত ক্ষেত্ৰলৈ পীয়ুষ গোৱেলৰ বিশেষ উপহাৰ

Sentinel Digital Desk

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলিৰ অনুপস্থিতিত বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ গোৱেলে শুক্ৰবাৰে সংসদত উত্থাপন কৰিলে অন্তৱৰ্তীকালীন বাজেট৷বাৰ্ষিক ৫ লাখ টকা উপাৰ্জন কৰা মধ্যবিত্ত লোকসকলক কৰমুক্ত কৰাৰ লগতে ক্ষুদ্ৰ খেতিয়ক সকলক বাৰ্ষিক ৬ হাজাৰ টকাৰ প্ৰদান কৰিব ৷ লগতে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলক পেঞ্চন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে ৷ ইফালে প্ৰায় ১০০ মিনিটৰ ভাষণত পীয়ুষ গোৱেলে বেতনভোগী আৰু পেঞ্চনভোগীসকলৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ডিডাকশ্বন অৰ্থাৎ কৰমুক্ত আয়ৰ ক্ষেত্ৰত কৰ ৰেহাইৰ উৰ্ধ্বসীমা পূৰ্বৰ ৪০ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰে ৷

ইয়াৰ দ্বাৰা এটা পৰিয়ালৰ চাকৰিৰ লগতে ঘৰ কিনি ৰখাৰ কাৰণে সুবিধা হ’ব ৷ মধ্যবিত্তৰ সুবিধাৰ্থে আয়কৰ অধিনিয়ম ধাৰা ৮৭ ৰ দ্বাৰা ২৫০০ টকাৰ পৰা ১২,৫০০ টকালৈ বৃদ্ধি কৰে ৷ ইফালে ৫ লাখ টকা আয় কৰা লোকসকলৰ দায়িত্বও এতিয়াও প্ৰথমৰ দৰেই ২.৫ লাখৰ পৰা আৰম্ভ হ’ব ৷ ইফালে কৃষিবিভাগত পৰিৱৰ্তন আনিবৰ কাৰণে দুই হেক্টৰ ভূমি থকা খেতিয়ক সকলক প্ৰতিবৰ্ষতে ৬০০০ টকা কৃষকসকলৰ বেংক একাউন্টত পোনে পোনে টকা প্ৰদান কৰা হ’ব। এই আঁচনিখন অতি শীঘ্ৰেই কৰা হ’ব ৷আৰু ইয়াৰ দ্বাৰা ১২ কোটি কৃষক উপকৃত হ’ব ৷এই মন্তব্য পীয়ুষ গোৱেলৰ ৷আন্তঃৰাষ্ট্ৰীয় বজাৰত খাদ্য শস্যৰ মূল্য হ্ৰাস আৰু মুদ্ৰাস্ফীতিও হ্ৰাস হোৱাৰ কাৰণে কৃষকসকলক উদ্দেশ্য কৰি পীয়ুষ গোৱেলে কয় যে এই আঁচনিখন বিগত ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ৷

যাৰ কাৰণে বিত্তীয় বৰ্ষৰ সংশোধিত কৰাৰ কাৰণে ২০,০০০ কোটি টকা আৱন্টিত কৰা হৈছে আৰু ৭৫,০০০ টকা অনাগত বিত্তীয় বৰ্ষৰ অন্তৱৰ্তী বাজেটৰ কাৰণে আৱন্টন কৰা হ’ব ৷ ডেম’ হিট অসংগঠিত ক্ষেত্ৰৰ কাৰণে গোৱেলে ৬০ বছৰ প্ৰাপ্তিৰ কাৰণে ৩০০০ টকা প্ৰতি মাহৰ কাৰণে অংশদায়ী পেঞ্চন আঁচনিৰ ঘোষণা কৰে ৷যাৰ দ্বাৰা অসংগঠিত ক্ষেত্ৰৰ প্ৰায় ১০ কোটি কৃষক লাভাম্বিত হ’ব ৷ ১৮ বছৰতে এই আঁচনিত প্ৰবেশ কৰাসকলে ৫৫ টকা মাহেকীয় প্ৰিমিয়াম দিব লাগিব ৷ ২৯ বছৰত এই আঁচনিত প্ৰবেশ কৰা লোকসকলে ৬০ বছৰ নোহোৱালৈকে প্ৰতি মাহত দিব লাগিব ১০০ টকা ৷লগতে পীয়ুষ গোৱেলে কয় যে চলিত বৰ্ষৰ পৰা এই আঁচনিত ৫০০ কোটি টকা আৱন্টিত কৰা হৈছে ৷যদি প্ৰয়োজন হয় তেন্তে আৰু অধিক ধন আৱন্টিত কৰিব চৰকাৰে৷

চাওঁ আহক মোডী চৰকাৰৰ বাজেটৰ কিয়দাংশ:

বাৰ্ষিক আয় ৫ লাখ হ’লে আয়কৰ ৰেহাই ৷

দুই বছৰৰ ভিতৰত কৰ নিৰ্ধাৰণ ইলেক্টনিক মাধ্যমেৰে কৰা হ’ব ৷

আইটিয়ে মাত্ৰ ২৪ ঘন্টা ভিতৰত প্ৰাসংগিক কৰ প্ৰদান ৷

কৰ সংগ্ৰহ ১২ লাখ কোটিলৈ বৃদ্ধি ৷

প্ৰতিৰক্ষা বাজেটত ৩ লাখ কোটি টকা আৱন্টন।

অধিকাংশ নিত্যপ্ৰয়োজনীয় দ্ৰব্যত জি এছ টি ৫ শতাংশৰ ভিতৰত কৰাৰ প্ৰস্তাৱ ৷

ঘৰ ক্ৰয় বা নিৰ্মাণৰ ক্ষেত্ৰত জি এছ টি হাৰৰ প্ৰস্তাৱ জি এছ টি কাউঞ্চিলক।

চিনেমাৰ টিকটত জি এছ টি ১২ শতাংশলৈ হ্ৰাসৰ প্ৰস্তাৱ ৷

ধন জন আঁচনিত ৬০ কোটি নতুন একাউন্ট খোলা হৈছে ৷

চিনেমা নিৰ্মাতা কাৰণে একক খিৰিকীৰ ব্যৱস্থা ৷

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত ১ কোটি যুৱকক প্ৰশিক্ষণ দিয়া হ’ব ৷

আগন্তুক বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত ৮ কোটি ৰন্ধন গেছৰ সংযোগ দিয়া হ’ব ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিগত ৪ বছৰত ১.৫৩ কোটি বাসগৃহ নিৰ্মাণ হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি