শীৰ্ষ বাতৰি

বিজনীত সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Sentinel Digital Desk

চিৰাং জিলাৰ বিজনীত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । যোৱা ২১ অক্টোবৰ দৰং জিলাৰ খাৰুপেটীয়াত এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা আৰু "ডি"ভোটাৰৰ জাননী লাভ কৰি মৃত্য হোৱা অৱসৰ প্ৰাপ্ত শিক্ষক তথা অধিবক্তা নিৰোদ বৰন দাসৰ আত্মহত্যাৰ লগতে দুৰ্গাপুজাৰ দশমীৰ দিনা ৰাৱন বধ কাৰ্যসূচীত ৰেল দুৰ্ঘটনাত পঞ্জাবৰ অমৃতসৰত মৃত্য হোৱা লোকৰ আত্মাৰ সদ্গতি কামনাৰে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনায় ।

বিটিচি বেঙ্গলি যুৱছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সম্পাদক ব্ৰজগোপাল সৰকাৰে জনায় যে অসমত "ডি"ভোটাৰৰ নামত যিদৰে মানৱাধিকাৰ উলঙ্ঘা কৰি এজন এজন কৈ লোকক মৃত্যমুখত ঠেলি দিছে সেয়া কোনো পধ্যেই সহ্য কৰা নহব । এনআৰচি আৰু "ডি"ভোটাৰ লৈ যি ৰাজনীতি হৈ আছে সেয়া উদ্ধেগজনক । এন আৰ চিৰ কাম চলি থকা সময়ত কি দৰে ডি ভোটাৰৰ জাননী দিয়ে বুলিও প্ৰশ্ন কৰে । ভাৰতীয় নাগৰিকক হাৰাশাস্থিৰ অভিযোগ কৰে নেতাজনে ।

তেওঁ লগতে কয় যে আমি যি দৰে আন্দোলন কৰি বৃটিচ খেদি ভাৰত স্বাধীন কৰিছিলো ঠিক একেদৰে আমাৰ সমস্যা সমাধান নোহোৱালৈ আন্দোলন কৰি যাম বুলি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দক সকিয়াই দিয়ে । তেওঁ লগতে কয় আমি যি দৰে হিন্দু বঙালীয়ে শিল দৌল ভাঙি ভোট দানেৰে বিজেপিক চৰকাৰ গঠনত সহায় কৰিছিলো একেদৰে অহা লোকসভা নিৰ্ব্বাচনত তাৰ জবাব দিব পাৰিম বুলিও কয় ।