শীৰ্ষ বাতৰি

বিজেপিৰ লগত কৰা মিত্ৰতাই ইতিবাচক ফলাফল কঢ়িয়াই আনিবঃ অসম গণ পৰিষদ

Sentinel Digital Desk

বিজেপিৰ লগত কৰা মিত্ৰতাই ইতিবাচক ফলাফল কঢ়িয়াই আনিব ৷ এই আশা ব্যক্ত কৰিছে অসম গণ পৰিষদে ৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই দ্য চেন্টিনেলৰ আগত প্ৰকাশ কৰে যে এজিপি,বীপিএফ আৰু স্থানীয় দলে এনডিএৰ লগত সহযোগিতা কৰি বিৰোধী দল কংগ্ৰেছৰ বিৰোদ্ধে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ আমি সম্প্ৰতি ২৩ মে’ৰ ফলাফললৈ বহু প্ৰত্যাশাৰে অপেক্ষা কৰি আছোঁ ৷

লগতে, আমি জনসাধাৰণৰ সিদ্ধান্তক স্বীকাৰ কৰিবলৈ সাজু হৈছোঁ ৷ অসম গণ পৰিষদে বিগত লোকসভা নিৰ্বাচনত কলীয়াবৰ,বৰপেটা আৰু ধুবুৰী সংসদীয় নিৰ্বাচন ক্ষেত্ৰত ক্ৰমে মণি মাধৱ মহন্ত,কুমাৰ দীপক দাস,জাভেদ ইছলামে প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ এনডিএৰ সহযোগী আন এটা দল বিপিএফে কোকৰাঝাৰ নিৰ্বাচন ক্ষেত্ৰৰ পৰা প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰতিদ্বন্দিতা আগবঢ়াই ৷

ইফালে কেন্দ্ৰত এগজিট প’লৰ সমীক্ষাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ তত্ত্বাৱধানত নৈশ ভোজৰ আয়োজন কৰে ৷ ইফালে বিভিন্ন এজেন্সীয়ে দেওবাৰে ঘোষণা কৰা এগজিট প’লৰ সমীক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ এনডিএৰ কাৰণে সুখবৰ কঢ়িয়াই আনিছে। এই সমীক্ষা অনুসৰি এন ডি এ ই লোকসভাত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হোৱা ২৭২ খন আসনৰ সীমা অতিক্ৰম কৰিব বুলি ভৱিষ্যতবানী প্ৰকাশ পাইছে ৷

এগজিট প’লৰ সমীক্ষা অনুসৰি কংগ্ৰেজৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল মিত্ৰতাই ৮২ ৰ পৰা ১৮২ খন আসন লাভ কৰাৰ ভৱিষ্যতবানী দিছে ৷ ছয়টা এগজিট প’লৰ সমীক্ষাত অন্য দলে ইউপিএৰ তুলনাত অধিক আসন লাভ কৰা সম্ভাৱনা ব্যক্ত কৰিছে ৷ উল্লেখ্য যে ,মংগলবাৰে দিল্লী হোৱা নৈশ ভোজত অতুল বৰা,কেবিনেট মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি