শীৰ্ষ বাতৰি

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে "Save Nature, Save Life" শীৰ্ষক মুকাভিনয় অনুষ্ঠান।

Sentinel Digital Desk

বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে অসম জলবায়ু পৰিৱর্তন ব্যৱস্থাপনা সমিতি (ACCMS), পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, অসম চৰকাৰৰ উদ্যোগত আয়োজিত "Save Nature, Save Life" শীৰ্ষক সচেতনতামূলক মূকাভিনয় অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।

টিম নিৰ্বাক (Team Nirbaak)-এ মূকাভিনয়ৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, গছ-গছনি ৰোপণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বাৰ্তা জনসাধাৰণৰ ওচৰলৈ আগবঢ়ায়।

অনুষ্ঠানসমূহ গুৱাহাটী ৰে'লৱে ষ্টেচন, সতী ৰাধিকা উদ্যান আৰু চিটি চেণ্টাৰ, গুৱাহাটীত অনুষ্ঠিত হয়। বিভিন্ন স্থানত অনুষ্ঠিত এই সচেতনতামূলক প্ৰদৰ্শনীসমূহত বহু সংখ্যক লোক উপস্থিত থাকে আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি ইতিবাচক সঁহাৰি জনায়।

এই বিশেষ মুকাভিনয় অনুষ্ঠানৰ পৰিচালনা কৰে যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাই।

মূকাভিনয়ৰ দৰে এক শক্তিশালী মাধ্যমৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা সমাজৰ মাজলৈ লৈ যোৱাৰ এই প্ৰয়াসে উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰে।