শীৰ্ষ বাতৰি

মিজোৰামৰ নবনিৰ্বাচিত বিধায়কৰ অধিকাংশ বিধায়ক কৌটিপতি

Sentinel Digital Desk

সদ্য সমাপ্ত মিজোৰাম বিধানসভা নিৰ্বাচনত বিজয়ী হোৱা ৪০ জন বিধায়কৰ ৩৬ জন বিধায়কে কৌটিপতি। নিৰ্বাচিত হোৱা বিধায়কৰ গড় সম্পত্তিৰ পৰিমাণ ৩ কৌটি টকাৰ পৰা বৃদ্ধি হৈ ৫ কৌটি টকা হৈছে বুলি বুধ বাৰে প্ৰকাশ পোৱা এক সমীক্ষাত প্ৰকাশ পায়। নতুনকৈ গঠন হোৱা বিধানসভাত এজনো মহিলা বিধায়ক নাই।

গণতান্ত্ৰিক সংস্কাৰ সমিতি নামৰ এটা স্বেচ্ছাসেবী সংস্থাই প্ৰকাশ কৰা তথ্যত কৌটি পতি বিধায়ক সকলৰ ভিতৰত সৰ্বাধিক ২২ জন কৌটিপতি মিজো নেশ্যনেল ফ্ৰণ্টৰ বুলি প্ৰকাশ কৰা হয়। অন্য ৫ জন কৌটিপটি কংগ্ৰেছৰ, ৮ জন কৌটিপটি নিৰ্দলীয় আৰু এজন বিজেপিৰ। ২০১৮ চনত নিৰ্বাচিত হোৱা মিজোৰাম বিধান সভাৰ বিধায়কৰ গড় সম্পত্তিৰ পৰিমাণ ৪.৮৪ কৌটি টকা আনহাতে ২০১৩ চনত এই সম্পত্তিৰ পৰিমাণ আছিল ৩.১০ কৌটি টকা।

গণতান্ত্ৰিক সংস্কাৰ সংস্থাই প্ৰকাশ কৰা তথ্য মতে এইবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দুজন বিধায়কৰ বিপক্ষে ফৌজাদাৰী গোচৰ চলি আছে। ১০ জন বিধায়কে শিক্ষাৰ অৰ্হতা পঞ্চমৰ পৰা দ্বাদশলৈ বুলি প্ৰকাশ কৰাৰ বিপৰীতে ২৯ জন বিধায়কৰ অৰ্হতা স্নাতক আৰু তাতকৈ অধিক।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি