শীৰ্ষ বাতৰি

মিত্ৰতা সন্দৰ্ভত মোৰ জ্ঞাত নহয়ঃ প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital Desk

প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু অসম গণ পৰিষদৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদৰ দলে ভাৰতীয় জনতা পাৰ্টিৰ লগত কৰা মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় যে দলে বিজেপিৰ লগত কৰা মিত্ৰতা সন্দৰ্ভত তেওঁৰ সৈতে আলোচনা কৰা নাই। মিত্ৰতা সন্দৰ্ভত মই জ্ঞাত নহয় ৷ দলৰ সিদ্ধান্তৰ কথা মই সংবাদমাধ্যমৰ জৰিয়তেহে লাভ কৰিছো । নগাঁওৰ এজন সংবাদ কৰ্মীৰ সন্মুখত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷

লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় যে মই দলে বিজেপিৰ লগত কৰা মিত্ৰতাৰ বিৰোধ কৰোঁ ৷মই মোৰ সিদ্ধান্তত অটল আছোঁ ৷দলৰ নেতা সকলে নিজেই সিদ্ধান্ত লৈছে ৷গতিকে সম্প্ৰতি জিলাৰ সমিতি আৰু কৰ্মকৰ্তাসকলে এই ক্ষেত্ৰত কেনেধৰণে লয় সেয়াহে হ’ব লক্ষ্যনীয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি