শীৰ্ষ বাতৰি

নগাঁওত বিজেপিৰ সাংগঠনিক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital Desk

নগাঁৱত বিজেপিৰ সাংগঠনিক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল| লোকসভাৰ নিৰ্বাচনৰ ৰণশিঙা বজাই নেহেৰুবালিত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা |আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ নগাঁও, তেজপুৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি সৱল কৰাৰ বাবে নগাঁৱৰ নেহেৰুবালিত বিজেপিয়ে বিশাল সাংগঠনিক সভাৰ আয়োজন কৰে। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচাই পেলায়। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় যে কংগ্ৰেছে কেৱল কথাহে ক'ব জানে, কাম কৰিব নাজানে।

কংগ্ৰেছে ভাৰতৰ ইতিহাস কলংকিত কৰিলে। ভাৰতীয় গণতন্ত্ৰ থকালৈকে বিজেপি জীয়াই থাকিব। নগাঁৱত বিজেপিৰ সাংগঠনিক সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় – বিৰোধীৰ কথাত দেশবাসীয়ে গুৰুত্ব নিদিয়ে। ৰাইজে মোদীক বিচাৰে, বিজেপিক বিচাৰে। কংগ্ৰেছে জনতাৰ ধন, কৃষকৰ ধন আত্মসাৎ কৰিলে। এতিয়া আৰু ৰাইজে কংগ্ৰেছক বিশ্বাসত নলয়। ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ’বলৈ বেছিদিন নাই বুলিও মন্তব্য সোণোৱালৰ।

কংগ্ৰেছে কথা ক’বহে পাৰে, কাম কৰিব নোৱাৰে। আমি কামেৰে পৰিচয় দিছো। নগাঁৱত বিজেপিৰ সাংগঠনিক সভাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মনমোহন সিঙে ১০ বছৰত একো কৰিব নোৱাৰিলে। দ্বৈত ৰে’ল লাইন ৰাজেন গোঁহাইৰ নেতৃত্বত হ’ল। ৰাজেন গোহাঁই দক্ষ, যোগ্য মন্ত্ৰী। APSCৰ দুৰ্নীতি আমি নোহোৱা কৰিলো। আমি লোভ সামৰিছো সেয়ে সফল হৈছো বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰীৰ ওপৰিও সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুৰেশ পূজাৰী, মন্ত্ৰী পিয়ুষ হাজৰিকা, পল্লৱলোচন দাস আৰু বিধায়ক ৰূপক শৰ্মা, মৃণাল শইকীয়া,আঙুৰলতা ডেকাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু জ্যেষ্ঠ নেতা দিপ্লুৰঞ্জন শৰ্মা, জিতু গোস্বামী আৰু কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াও উপস্থিত থাকে।

"কংগ্ৰেছে ভাৰতৰ ৭০বছৰীয়া ইতিহাস কলংকিত কৰিলে" সৰ্বানন্দ সোণোৱাল। "যেতিয়ালৈকে ভাৰতীয় গণতন্ত্ৰ থাকিব তেতিয়ালৈকে জনগণৰ অন্তৰত বিজেপি জীয়াই থাকিব" সৰ্বানন্দ সোণোৱাল। পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।