শীৰ্ষ বাতৰি

মোডীৰ নিৰ্বাচনী প্ৰচাৰ: আমাৰ সংগ্ৰাম সন্ত্ৰাসবাদীৰ লগত, কাশ্মীৰ বাসীৰ লগত নহয়

Sentinel Digital Desk

দেশৰ যুঁজ সন্ত্ৰাসবাদীৰ লগত, কাশ্মীৰ বাসীৰ লগত নহয় বুলি মন্তব্য আগবঢ়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শনিবাৰে ৰাজস্থানৰ টংকৰ এক ৰেলীত অংশগ্ৰহণ কৰি মোদীয়ে এই মন্তব্য কৰে ।

মোদীয়ে কাশ্মীৰ বাসীক সুৰক্ষা প্ৰদান কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিব বুলি কয়। কাশ্মীৰৰ অধিক যুৱচাম সন্ত্ৰাসবাদীৰ বলি হৈছে , কিন্তু কাশ্মীৰৰ প্ৰত্যেকজনেই ভাৰতৰ লগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিব বুলি প্ৰধান মন্ত্ৰী গৰাকীয়ে কয়।

লগতে পুলোৱামা কাণ্ডৰ পাছত পাকিস্তানক ভাৰতে সকিয়নি প্ৰদান কৰিছে, ভাৰতে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য নকৰিব । পুলোৱামা কাণ্ডত ভাৰতৰ ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল।ভাৰতীয় জোৱান সকলক লৈ গৌৰাম্বিত বুলি প্ৰধান মন্ত্ৰীয়ে ভাষনত প্ৰকাশ কৰে । ১০০ ঘন্টাৰ ভিতৰত পুলোৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ডক ভাৰতীয় সেনাই হত্যা কৰিব পৰাটো গৌৰবৰ কথা বুলি সদৰি কৰিছে ।

বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদ দমনৰ কথা উল্লেখ কৰাৰ লগতে জম্বু কাশ্মীৰৰ বিসম্বাদী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।