শীৰ্ষ বাতৰি

লোকসভা নিৰ্বাচনত ৮৭,০০০ ওৱাচ এপ গ্ৰুপৰ যোগেদি ভোটাক লক্ষ্য কৰা হৈছে

Sentinel Digital Desk

অসমত ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ অনুষ্ঠিত হব । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰায় ৮৭,০০০ ওৱাচ এপ গ্ৰুপেৰ জৰিয়তে মিলিয়ন ভোটাৰক লক্ষ্য কৰি লৈছে ।

ওৱাচ এপ সুত্ৰই জনোৱা মতে ভাৰতত প্ৰায় ২০ কোটি ওৱাচ এপ ব্যবহাৰকাৰী আছে। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় ২০ কোটি ওৱাচ এপ ব্যবহাৰ কৰা তথ্য প্ৰকাশ কৰিছে ।

হংকং ভিত্তিক কাউন্টাৰ পইন্ট গৱেষণাত প্ৰকাশ কৰিছে যে ভাৰতত ৪৩ কোটি লোকে স্মাৰ্ট ফোন ব্যবহাৰ কৰে। ২০১৬ চনৰ শেষৰ ফালে প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰতত ২৮ ৰ পৰা ৩০ কোটি লোকে স্মাৰ্ট ফোন ব্যবহাৰ কৰে । বৰ্তমান ব্যবহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ ৪০ কোটি পাইছেগৈ ।

কাউন্টাৰ পইন্ট ৰিচাৰ্ছৰ সহযোগী ডিৰেক্টৰ তৰুণ পাঠকে প্ৰকাশ কৰে যে ওৱাচ এপ সকলো বয়সৰ লোকে ব্যৱহাৰ কৰে । তাৰ পৰিবৰ্তে ভাৰতত ৩০ কোটি লোকে ফেচবুক ব্যবহাৰ কৰে বুলি প্ৰকাশ কৰে ।

ৰিলায়েঞ্চ জিঅ সুবিধা প্ৰদান কৰাৰ লগে লগে এই ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে । বৰ্তমান ৰাজনৈতিক দল সমুহে ৰেলী, সংবাদমেল , টিভি অনুষ্ঠান সমুহ ফেচবুক আৰু ইউ টিউবৰ জৰিয়তে লাইভষ্ট্ৰিমত প্ৰচাৰ কৰাৰ লগে লগে জনসাধাৰণৰ মাজলৈ লৈ যোৱাত অধিক সহায় হৈছে ।

বৰ্তমান ৮৭,০০০ ওৱাপ এপ গ্ৰুপৰ যোগেদি ভোটাৰ মাজত প্ৰচাৰ চলাইছে । কিন্তু তাৰ মাজতে ভূৱা কিছুমান একাউণ্টৰ জৰিয়তে আঞ্চলিক বিষবাস্প বিয়পিওৱাৰ লগতে ৰাজনৈতিক বাৰ্তা সমূহ বিকৃত কৈ প্ৰকাশ কৰা, চৰকাৰৰ আচনি , হিন্দুবাদীৰ ধাৰনা বিকৃত ৰূপত প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰে ছছিয়েল মেডিয়া বিশেষজ্ঞ অনুপ মিশ্ৰয়ে প্ৰকাশ কৰে।

এটা ওৱাচ এপ গ্ৰুপে সৰ্বাধিক ২৫৬ লোকক সামৰি লব পাৰে। তেনে ৮৭,০০০ টা গ্ৰুপে ২,২ কোটি লোকক সামৰি লব । ইয়াৰ যোগেদি ভোটাৰ মাজত প্ৰচাৰ চলাবলৈ যথেষ্ট সুবিধা হব ।

যিকোনো মাধ্যমতে ভূৱা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখাৰ প্ৰয়োজন আহি পৰিছে । নাচক'ম ফাউণ্ডেশ্যনে ১,০০,০০০ ভাৰতীয়ক ওৱাচ এপত ভূৱা বাতৰি প্ৰচাৰ নিষিদ্ধ কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি