শীৰ্ষ বাতৰি

লোকসভা নিৰ্বাচনৰ পাছত ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে অপেক্ষা

Sentinel Digital Desk

অসমৰ তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাছত, ৰাজ্যৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে অপেক্ষা । কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিউছ কুজুৰৰ কাৰ্যকাল চলিত বছৰৰ জুনৰ মাজত শেষ হব । কাৰ্যকাল শেষ হোৱাৰ পুৰ্বে ৰাজ্য সভাৰ দুখন আসনৰ বাবে নিৰ্বাচন সম্পুৰ্ণ হব লাগিব ।

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰাজনৈতিক দল সমুহৰ মাজত ইতিমধ্যে কুচকুৱাজ আৰম্ভ হৈছে । ৰাজ্যত যদি বিজেপিয়ে অধিক আসন লাভ কৰে তেনে বিজেপিয়ে কংগ্ৰেছৰ পৰা দুয়োখন আসনে দখল কৰিবলৈ সক্ষম হব । ৰাজ্যসভাৰ এখন আসন জিকিবলৈ দলক ৪৩ ভোটৰ প্ৰয়োজন । তেনেদৰে ৮৬ ভোটৰ প্ৰয়োজন ২ খন আসনৰ বাবে । বৰ্তমান শাসক দলৰ আছে ৮৮ খন আসন । ইয়াৰে ৬১ খন বিজেপিৰ , ১৪ খন অগপৰ আৰু ১২ খন বিপিএফৰ । কেৱল ভূৱন পেগু নিৰ্দলীয় বিধায়ক । আনহাতে কংগ্ৰেছৰ ২৫ খন আসন থকাৰ বিপৰীতে এ আই ইউ ডি এফৰ ১৩ খন আসন আছে ।

অসম বিধানসভাৰ প্ৰমুখ সচিব এম কে ডেকাই প্ৰকাশ কৰে যে চলিত বৰ্ষৰ ১৪ জুনত ৰাজ্য সভাৰ আসনৰ কাৰ্যকাল শেষ হব । সেয়েহে নিৰ্বাচনী আয়োগে জাননী জাৰি কৰিব ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অগপ আৰু বিজেপিয়ে মিত্ৰতা কৰে। বিজেপিয়ে অগপক ৰাজ্যসভাৰ এখন আসন এৰি দিব । ১৪ জুনত শেষ হব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিউছ কুজুৰৰ ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি