শীৰ্ষ বাতৰি

লোকসভা নিৰ্বাচনৰ বাবে ১১ এপ্ৰিলত ১২ খন জিলাত স্থানীয় বন্ধ ঘোষণা

Sentinel Digital Desk

১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ বাবে অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে । ১১ এপ্ৰিলত ১২ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ।

১১ এপ্ৰিলত চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, সকলো শিক্ষানুষ্ঠান, বেংকৰ লগতে সকলো ব্যবসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব । NI এক্টৰ অধিনত এই নিৰ্দেশনা জাৰি কৰা হৈছে । ১১ এপ্ৰিলত ৫ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হব । সেয়েহে ১১ এপ্ৰিলত বন্ধ থাকিব বিশ্বনাথ, চৰাইদেউ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লক্ষিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত স্থানীয় বন্ধ ঘোষণা কৰিছে ।

আনহাতে ১৮ এপ্ৰিলত ৮ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে । দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ১৮ এপ্ৰিলত কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, নলবাৰী, ওদালগুৰি আৰু দক্ষিণ কাৰ্বি আংলং বন্ধ থাকিব ।

২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব লগা ভোট গ্ৰহণৰ বাবে ১০ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে । বাক্সা, বৰপেটা, কামৰূপ, বঙাইগাঁও,চিৰাং, গোৱালপাৰা, দক্ষিণ শালমৰা, কামৰূপ মেট্ৰ, কোকৰাঝাৰ আৰু ধুবুৰীত স্থানীয় বন্ধ ঘোষণা কৰিছে ।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ বাবে NI এক্টৰ অধিনত এই বন্ধ ঘোষণা কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি