শীৰ্ষ বাতৰি

লোকসভাৰ পৰা পদত্যাগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

Sentinel Digital Desk

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই লোকসভাৰ পৰা পদত্যাগ কৰিছে।মুখ্যমন্ত্ৰী জনে ইতিমধ্যে মেঘালয়ৰ উপ-নিৰ্বাচনত জয়ী হৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলচ পাৰ্টিৰ প্ৰাৰ্থী কৰনাড চাংমায়ে মেঘালয়ৰ উপ-নিৰ্বাচন দক্ষিন তুৰা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল।মুখ্যমন্ত্ৰীজনে ১৩,৬৫৬ টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ছাৰ্লট ডব্লিউ মমিনে মাত্ৰ ৫,২৩৫ টা ভোট লাভ কৰিছিল।৮,৪২১ টা বিপুল ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰীজনে জয়লাভ কৰিছিল।