শীৰ্ষ বাতৰি

শিলনীজানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ নিৰ্মাণ কাৰ্য্য, চকু মুদা কুলিৰ ভাওঁত গড়কাপ্তানি বিভাগ

Sentinel Digital Desk

চৰকাৰী ভূমি বেদখলৰ ওপৰত চৰকাৰে বিভিন্ন ঠাইত বিভিন্ন সময়ত অভিযান চলাই বেদখল মুক্ত কৰি আহিছে যদিও নানান আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাটো সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সময়ত প্ৰতক্ষ কৰি আহিছে । ইয়াৰ মূলতেই হৈছে বেদখল কৰোতেই ইয়াক বাধা প্ৰদান নকৰা তথা অবৈধ নিৰ্মাণৰ দৃষ্টিগোচৰ হ‌ওতেই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে উচ্ছেদ অভিযান নচলাই চকু মুদা কুলিৰ ভাওঁত অৱতীৰ্ণ হোৱাটো ।

অনুৰূপ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত শিলনীজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত । গড়কাপ্তানি বিভাগৰ নিস্ক্ৰিয়তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচামে স্থায়ী গৃহ নিৰ্মাণ কৰি অধিগ্ৰহণ কৰিছে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতি ।কমদিনৰ ভিতৰতেই নিৰ্মাণ কৰিছে পকী গৃহ । দীৰ্ঘদিনৰ মুৰত উচ্ছেদ অভিযান চলাবলৈ গৈ চৰকাৰে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱাতকৈ এনে অবৈধ বেদখল হোৱা মাত্ৰকে প্ৰতিহতৰ ক্ষেত্ৰত চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে সচেতন ৰাইজে ।