শীৰ্ষ বাতৰি

শিৱসাগৰত কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

Sentinel Digital Desk

শ্ৰী শ্ৰী কৃষ্ণৰ বাণীক সৰোগত কৰি এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি বিশ্বত শান্তি প্ৰতিষ্ঠিৰ অৰ্থে ১৯৯১ চনত গঠন হৈছিল "কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজ"।এই যুৱ সমাজৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত । দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা "কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজ"ৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে শিৱসাগৰত।প্ৰতিষ্ঠাৰ দিনৰে পৰা সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে শান্তি আৰু মংগলৰ বাবে কাম কৰি অহা এই যুৱ সমাজে কৃষ্ণৰ বাণীৰ জড়িয়তে উচিত পথৰ সন্ধান দিবলৈ চেষ্টা কৰি আহিছে।ইয়াৰ বাবে কৰ্মপন্থা নিৰ্দ্ধাৰণৰ অৰ্থে প্ৰতি দুবছৰৰ মূৰে মূৰে এক পূৰ্ণাঙ্গ আধ্যাত্মিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে । বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰথম দীনৰ কাৰ্যসূচী ৰূপে আজি পতাকা উত্তোলন,বৃক্ষ ৰোপন,স্বচ্ছতা অভিযান আদি সম্পন্ন হয় । বিয়লি অনুষ্ঠিত হব "যুৱ সমাজৰ বাবে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজনীয়তা" শীৰ্ষক এক আলোচনাচক্ৰ।কাইলৈ সামৰণি পৰিব লগা এই বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ কৃষ্ণগুৰু সম্প্ৰতি যাত্ৰা অনুষ্ঠিত হব।বিয়লিৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশ গ্ৰহণ কৰিব।লগত থাকিব ইমৰান শ্বাহকে আদি কৰি বহু গণ্যমান্য ব্যক্তি।