শীৰ্ষ বাতৰি

শিৱসাগৰত ভাৰত মাতা পূজন উদ্বোধন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

Sentinel Digital Desk

ভাৰত মাতা পূজন উদযাপন সমিতিয়ে শিৱসাগৰত আয়োজন কৰা ভাৰত মাতা পূজন আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী পীযুষ হাজৰিকাই । ইয়াৰ পূৰ্বে ভাৰত মাতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিৱদৌলৰ মুখ্য পুৰোহিত সুৰেশ বৰঠাকুৰে আৰু নাৰিকল ভাঙে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই । প্ৰণতি বৰুৱাৰ পৰিচালনাত এটি মংগলাচৰণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বিধায়ক যোগেন মহন, বিধায়ক কুশল দুৱৰী, আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাকে ধৰি ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰতৰ সংস্কৃতি পৃথিৱীৰ সকলো সংস্কৃতিতকৈ পুৰণি বুলি কৰি উল্লেখ কৰি এই দেশৰ মহান সংস্কৃতি আন ঠাইত দেখিবলৈ পোৱা নাযায় বুলি কয় । ভাৰতীয় দৰ্শনৰ এই মহানতাৰ বাবেই ভাৰত মাতাক সকলোৱে সন্মান জনোৱা উচিত বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে । প্ৰসংগক্ৰমে ভাৰতবৰ্ষই বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিব পাৰিছে বুলিও উল্লেখ কৰি এই দেশ বিশ্ব গুৰুৰ আসনত উপবিষ্ট হ'ব বুলি কয় ।