শীৰ্ষ বাতৰি

"শ্বেয়াৰ হাৰ জাৰ্নী ' শীৰ্ষক পদক্ষেপৰ এম্বেচাদৰ হিচাপে নিযুক্তি ৰীমা দাস

Sentinel Digital Desk

অসম কন্যা ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান । বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱৰ অন্যতম টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ "শ্বেয়াৰ হাৰ জাৰ্নী " শীৰ্ষক পদক্ষেপৰ এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে ছবি নিৰ্মাতা ৰীমা দাসক ।

ছবিজগতত পৰ্দাৰ পিছত আৰু পৰ্দাত মহিলা সকলৰ অংশগ্ৰহনৰ ভূমিকা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০১৭ চনত টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে আৰম্ভ কৰিছিল এই পদক্ষেপ । ফিল্ম জগত খনত ৫ বছৰৰ প্ৰচাৰৰ পাছত মহিলা সকলে এই সুযোগ লাভ কৰিছে ।

টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ সহ প্ৰধান আৰ্টিষ্টিক পৰিচালক কেমৰন বাইলে ' টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ ' শ্বেয়াৰ হাৰ জাৰ্নী ' শীৰ্ষক পদক্ষেপৰ এম্বেচাদৰ হিচাপে ৰীমা দাসক উচ্চ আদৰণী জনাই । ৰীমা দাসৰ শ্ৰেষ্ঠ কাম আৰু ব্যতিক্ৰমী কামৰ যোগেদি ছবি জগত খনত মহিলাক অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে ।

টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ভাৰতৰ পৰা পুৰ্বেতে মীৰা নাইৰ, দিপা মেহটা আৰু প্ৰিয়ংকা চোপ্ৰা এম্বেচাদৰ হিচাপে নিযুক্তি হৈছিল ।

অসম কন্যা ৰীমা দাসৰ এই বিৰল সন্মানত উৎফুল্লি হৈ পৰিছে অসমবাসী অথা অনুৰাগী সকল।

আনহাতে কিছুদিনৰ পূৰ্বে আয়েৰলেণ্ডত অনুষ্ঠিত ভাৰ্জিন মিডিয়া ডাবলিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হৈছিল । ‘বুলবুল কেন চিং ‘ ছবিৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাসে ।২০১৮ চনত ছবিখনৰ ৱ’ল্ড প্ৰিমিয়াৰ হৈছিল টৰন্টো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত । দক্ষিণ এছিয়ান প্ৰিমিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু ইণ্ডিয়াম প্ৰিমিয়াৰ হয় মুম্বাই ছবি মহোৎসৱত ।২০ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে আয়েৰলেণ্ডৰ ডাবলিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল ৰীমা দাসে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি