শীৰ্ষ বাতৰি

সকলো তদন্ত কৰাৰ পিছতহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ অধীনত লাভ কৰিব নাগৰিকতাঃ সৰ্বানন্দ সোনোৱাল

Sentinel Digital Desk

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শুক্ৰবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) আশ্বাস দিয়ে যে প্ৰস্তাৱিত আইনৰ জৰিয়তে ৰাজ্য চৰকাৰে সম্পূৰ্ণভাৱে বিচাৰ বিবেচনা কৰাৰ পিছত চুবুৰীয়া দেশৰ ধাৰ্মিক উৎপীড়ন কৰা লোকসকলক বাস্তৱিক নাগৰিকত্ব প্ৰদান কৰিব ৷লগতে মুখ্যমন্ত্ৰী সোনোৱালে বিধানসভাত কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰথমৰ পৰা স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰৰ সহমতিৰ পিছতহে নাগৰিকতা দিয়াৰ কথা নিৰ্ণয় কৰিব ৷শুক্ৰবাৰৰ বিধানসভাৰ বাজেট অধিবেশনত ৰাজ্যপালৰ ভাষণত ভাগ লৈ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন জনতাৰ আগত নেতিবাচক ৰূপত স্থাপন কৰিছে ৷ লগতে এটা ধাৰণা হৈ গৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি অধিনিয়মত পৰিনত হয় তেন্তে চুবুৰীয়া দেশৰ পৰা অহা লোকসকলে স্বয়ংক্ৰিয় ৰূপত নাগৰিকত্ব লাভ কৰিব ৷

বিধেয়কখনে কেৱল ধৰ্মীয় উৎপীড়ণৰ সন্মুখীন হোৱা লোকসকলকহে নাগৰিকত্ব প্ৰদান কৰিব ৷মুখ্যমন্ত্ৰী সোনোৱালৰ মতে ধাৰ্মিক উৎপীড়নৰ সন্মুখীন হোৱা লোক সকলে প্ৰথমে ডেপুটী কমিশ্যনাৰৰ ওচৰত আবেদন কৰিব ৷ লগতে শপত পত্ৰত তেওঁলোক ভাৰত অহাৰ বিষয়ে বিৱৰণ দিব লাগিব ৷ শপত পত্ৰত স্পষ্ট ভাৱে উল্লেখ আছে যে, তেওঁলোক নিজৰ জীৱনৰ ভয়ত চুবুৰীয়া দেশলৈ গৈছিল। তেতিয়া উপায়ুক্তই নিজৰ এজেন্সীৰ দ্বাৰা আবেদকসকলক তদন্ত কৰিব ৷ আৰু উপায়ুক্তই আবেদক সকলৰ চাৰিওকাষত থকা লোকসকলৰ মতামত লোৱাৰ পিছত ৰাজ্য চৰকাৰক ৰিপ’ৰ্ট দিব ৷ৰাজ্য চৰকাৰে কেন্দ্ৰক ৰিপ’ট দাখিল কৰাৰ প্ৰাকমুহুৰ্তত সকলো নথিৰ তদন্ত আৰু আবেদনকাৰী সকলক বিচাৰ বিবেচনা কৰিব ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ধাৰ্মিক উৎপীড়নত আবেদন কৰা পীড়িত সকলৰ নাগৰিকতা সম্বন্ধীয় দলীলত অন্তিম স্বাক্ষৰ কৰাৰ আগত কেন্দ্ৰই নিজৰ তদন্ত সম্পৰ্কীয় সকলো কাম কাজ কৰিব ৷

অন্যহাতে বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ধাৰ্মিক উৎপীড়ণৰ সন্মুখীন হোৱা লোকসকলক মানবীয় দিশত বিচাৰ কৰাৰ পিছত লোৱা এটা জাতীয় সিদ্ধান্ত ৷লগতে সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমত ১.৯০ লাখ বাংলাদেশীৰ প্ৰবেশ হ’ব বুলি মিছা প্ৰচাৰ চলোৱাৰ কথা কয় ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ আগতে কোনো চৰকাৰেও সাংবিধানিক সুৰক্ষা দিবৰ কাৰণেই অসম চুক্তিৰ ৬ নং দফাক বাস্তৱায়িত কৰিবৰ কাৰণে মহত্ত্ব পূৰ্ণ সিদ্ধান্ত লোৱা নাছিল ৷

বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ধাৰ্মিক উৎপীড়ণৰ সন্মুখীন হোৱা লোকসকলক মানবীয় দিশত বিচাৰ কৰাৰ পিছত লোৱা এটা জাতীয় সিদ্ধান্ত ৷লগতে সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমত ১.৯০ লাখ বাংলাদেশীৰ প্ৰবেশ হ’ব বুলি মিছা প্ৰচাৰ চলোৱাৰ কথা কয় ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ আগতে কোনো চৰকাৰেও সাংবিধানিক সুৰক্ষা দিবৰ কাৰণেই অসম চুক্তিৰ ৬ নং দফাক বাস্তৱায়িত কৰিবৰ কাৰণে মহত্ত্ব পূৰ্ণ সিদ্ধান্ত লোৱা নাছিল ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিজৰ মতে উপস্থাপন কৰিব ৷ ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কিছুসংখ্যক লোকে সামাজিক শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰিছে ৷ মুখ্যমন্ত্ৰী সোনোৱালে সকলো বিধায়কক সামাজিক শান্তি বৰ্তি ৰাখিবৰ কাৰণে সুস্থ বাতাবৰণ কঢ়িওৱা মন্তব্য কৰিবৰ কাৰণে আহ্বান কৰে৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি